![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশ আৰু কমিল কৰোনাত আক্রান্তৰ সংখ্যা। বুধবাৰে দেশত কৰোনা আক্রান্ত হৈছে ১ লক্ষ ৬১ হাজাৰ ৩৮৬ জন।
দৈনিক সংক্রমণৰ হাৰ কমি হৈছে ১০ শতাংশৰ তলত। বিগত ২৪ ঘণ্টাত দেশত সংক্রমণ হাৰ ৯.২৬ শতাংশ। সাপ্তাহিক সংক্রমণৰ হাৰ ১৪.১৫ শতাংশ। কিন্তু আক্রান্তৰ সংখ্যা কমিলেও বিগত কেইবাদিনো ধৰি দেশত বহুখিনি বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কৰোনা আক্রান্ত হৈ মৃত্যু হৈছে ১ হাজাৰ ৭৩৩ জনৰ। তাৰ ভিতৰত কেৱল কেৰালাতেই ১ হাজাৰ ৬৩ জনৰ মৃত্যু হৈছে।












