![]()
নিউজ ডেস্কঃ
আজি প্ৰকাশ পোৱা “ইণ্ডিয়া প্ৰেছ ফ্ৰীডম ৰিপ’ৰ্ট” অনুযায়ী ২০২১ বৰ্ষত ভাৰতত কমেও ৬ সাংবাদিকক হত্যা আৰু ১০৮ সাংবাদিক আৰু ১৩টা সংবাদ গোষ্ঠীকে ধৰি মুঠ ১২১টা আক্ৰমণৰ ঘটনা সংঘটিত হয়।
সৰ্বাধিক ২৫ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল জম্মু-কাশ্মীৰত৷ উত্তৰ প্ৰদেশত ২৩, মধ্য প্ৰদেশত ১৬, ত্ৰিপুৰাত ১৫, দিল্লীত ৮, বিহাৰত ৬, অসমত ৫, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত ৪, গোৱা আৰু মণিপুৰত ৩, কৰ্ণাটক, তামিলনাডু আৰু পশ্চিমবংগত ২ আৰু অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড় আৰু কেৰালাত ১টাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হয় বিগত বৰ্ষটোত।
আনহাতে, ২০২১ বৰ্ষত ৮গৰাকী মহিলা সাংবাদিক গ্ৰেপ্তাৰ, চমন বা এফআইআৰৰ সন্মুখীন হয়।
উক্ত বৰ্ষটোত দেশত গ্ৰেপ্তাৰ হোৱা ১৭জন সাংবাদিকৰ ভিতৰত সৰ্বাধিক ৫জন জম্মু-কাশ্মীৰৰ৷ দিল্লীৰ ৩, মহাৰাষ্ট্ৰ, মণিপুৰ আৰু ত্ৰিপুৰাত ২ আৰু অসম, ছত্তীশগড় আৰু হাৰিয়ানাত এজনকৈ সাংবাদিক গ্ৰেপ্তাৰ হয়৷
ইফালে ২০২১ চনত ৪৪ জন সাংবাদিকৰ বিৰুদ্ধে পঞ্জীয়ন হয় এফআইআৰ৷ ইয়াৰে উত্তৰ প্ৰদেশত সৰ্বাধিক ৯, দিল্লী আৰু জম্মু-কাশ্মীৰত ৬ আৰু বিহাৰত ৩খন৷










