![]()
নিউজ ডেস্কঃ
মঙলবাৰে লোকসভাত দাখিল হ’ল সাধাৰণ বাজেট, ২০২২। আক্ষৰিক অর্থত এই বাজেটক ‘ডিজিটেল’ বাজেট বুলিব পাৰি. কিয়না প্রস্তাৱিত প্রায় সকলো ক্ষেত্রতেই প্রাধান্য লাভ কৰিছে ডিজিটেল ব্যৱস্থাই। প্রস্তাৱিত আৰু আলোচিত বিষয়বোৰ যেনে স্বাস্থ্য, অনলাইন শিক্ষা, দেশৰ সৰ্বাংগীণ আন্তঃগাঁথনি, প্রাকৃতিক ভাৰসাম্য, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, কৃষিয়ে এফালে যেনেদৰে প্রাধান্য পালে, তেনেদৰে আনফালে আকৌ ৰপ্তানি আৰু আমদানিৰ ওপৰত বিশেষ গুৰুত্ব থাকিল৷ চাওঁ আহক ডিজিটেল বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ :
• সপোনৰ ‘আত্মনির্ভৰ ভাৰত’ বাস্তৱায়নৰ ওপৰত অধিক জোৰ দিয়া হ’ল।
• দেশীয় গধুৰ উদ্যোগৰ বিকাশৰ ক্ষেত্রত লোৱা হ’ল অতিৰিক্ত সতর্কতা।
• দেশৰ কেন্দ্রীয় বেংকৰ জৰিয়তে আৰম্ভ হ’ব ডিজিটেল মুদ্রা।
• পৰিবেশ ৰক্ষাত বদ্ধপৰিকৰ ভাৰত। সেয়ে ‘বেটাৰী স্বয়াপিং’ পলিচি প্ৰৱৰ্তনৰ জৰিয়তে জোৰ দিয়া হ’ল ই-ভেহিকেল প্রচাৰ আৰু প্রসাৰ বৃদ্ধিত।
• চিবিআইৰ বাবে আবণ্টন হ’ল আগতকৈ ৪.৭৫ শতাংশ বেছি টকা।
• ২০২১ চনৰ বাজেটত শিক্ষা খণ্ডৰ বাবে আবণ্টন আছিল ৯৩,২২৪ কোটি টকা৷ ২০২২ চনৰ বাজেটত আবণ্টন হ’ল ১,০৪,২৭৭.৭২ কোটি টকা।
• দেশত নিৰ্মাণ হ’ব ১০০ নতুন সৈনিক স্কুল, ৭৫০খন একলব্য স্কুল (জনজাতীয় অঞ্চলত) আৰু প্রস্তাৱিত হ’ল এক নতুন ইউনিভাৰ্ছিটি বর্ডাৰ এলেকা লাডাখত।
• নতুন চিন্তা হ’ল ‘ডিজিটেল ইউনিভাৰ্ছিটি’৷
• গ্রামীণ এলেকাত কোভিডকালত হেৰাই যোৱা শিক্ষা ব্যৱস্থাৰ মেৰামতিৰ বাবে লোৱা হ’ল ‘One Class one TV/Channel’।
• দেশৰ ১০০০টাৰো অধিক মাণ্ডিক একেসূত্রে বান্ধিবলৈ প্রস্তাৱিত হ’ল E-NAM Market Place।
• দেশৰ ১.৫ লাখ ডাকঘৰক অনা হ’ব ক’ৰ বেঙ্কিঙৰ অধীনলৈ।
• দেশৰ ২৫,০০০ কিলোমিটাৰ হাইৱে’ৰ বাবে লোৱা হ’ল বিশেষ প্রকল্প।
• ৬০ হাজাৰ কোটি টকা আবণ্টন হ’ল ‘নল সে জল’ প্ৰকল্পত।
• ৪৮০০০ কোটি টকা আবণ্টন হ’ল উত্তৰ-পূর্বাঞ্চলৰ পিএম আবাস প্রকল্পত।
• ৭৫ ডিজিটেল বেঙ্কিং ইউনিট স্থাপনৰ উদ্যোগ ৭৫খন জিলাত।
• পর্যটন উদ্যোগত আবণ্টন হ’ল ২৪০০ কোটি টকা।










