![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পার্টিৰ প্রধান অখিলেশ যাদৱৰ বিৰুদ্ধে প্রার্থী নিদিয়াৰ সিদ্ধান্ত কংগ্রেছৰ। মৈনপুৰী জিলাৰ উক্ত সমষ্টিত প্রার্থী হিচাবে স্থানীয় কংগ্রেছ নেত্রী জ্ঞানবতী দেৱীৰ নাম ঘোষণা কৰিছিল কংগ্রেছে। কিন্তু অন্তিম মুহূর্তত কংগ্রেছৰ শীর্ষ নেতৃত্বৰ নির্দেশত মনোনয়ন জমা দিয়াৰ পৰা বিৰত থাকে তেওঁ।
প্রাক্তন মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে কংগ্রেছৰ প্রার্থী প্রত্যাহাৰৰ এই সিদ্ধান্ত বর্তমান প্রেক্ষাপটত তাৎপর্যপূর্ণ বুলি অনুমান কৰিছে ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশই। তেওঁলোকৰ মতে, এই সিদ্ধান্তৰ জৰিয়তে এছপিৰ সৈতে নিৰ্বাচন-পৰৱর্তী বুজাবুজিৰ পথ খোলা ৰাখিলে কংগ্রেছে।










