![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৰাজ্যৰ তিনিটা দুৰ্ধৰ্ষ গঁড় চোৰাং চিকাৰী সন্ধানত ৰাইজৰ বিচাৰিছে সঁহাৰি। আজি টুইটাৰৰ জৰিয়তে সন্ধান দিয়োটাক ২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ধৃত তিনিটা চোৰাং চিকাৰী ক্ৰমে- বিশ্বনাথৰ চটিয়া থানা অন্তৰ্গত আছমত আলি ওৰফে নালকো (৩৫), আটাও ৰহমান ওৰফে বাছা (৩৫) আৰু আব্দুল মটিন ওৰফে কালা (৩৫)।
উল্লেখ্য যে, গঁড় খৰ্গসহ উদ্ধাৰ হ’ব পৰাকৈ সন্ধান দিয়োটাক ৫ লাখ টকা প্ৰদান কৰিব বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়।
তাত্পৰ্যপূৰ্ণ কথা প্ৰতিজনৰ খবৰ দিওঁতাকে ২লাখকৈ পুৰস্কাৰ প্ৰদান কৰিব আৰক্ষীয়ে।













