![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক জাননী জৰিয়তে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কোকৰাঝাৰ জিলা সমিতিসহ অধীনস্থ ব্লক কমিটী আৰু বৰপেটা জিলা কমিটীৰ অন্তৰ্গত মন্দিৰা ব্লক কংগ্ৰেছসহ ইয়াৰ অধীনস্থ মণ্ডল কমিটীসমূহ ভংগ কৰিছে। বুধবাৰে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এক বিবৃত্তিত উল্লেখ থকা মতে কংগ্ৰেছৰ ভেঁটি অধিক শক্তিশালী কৰা লগতে নতুন ৰূপত গঢ় দিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
কোকৰাঝাৰ জিলা কমিটী আৰু ইয়াৰ অধীনস্থ ব্লক কমিটীসমূহ ভংগ কৰি জাৰি কৰা নিৰ্দেশনাত উল্লেখ থকা মতে বিধায়ক তথা শীর্ষ নেতা যাদৱ স্বৰ্গীয়াৰীক তত্বাৱধায়ক হিচাপে লৈ কোকৰাঝাৰ জিলা কংগ্ৰেছ সমন্বয়ৰক্ষী গঠন কৰি দিছে। ২০জনীয় কমিটীখনত গর্জন মুছাহাৰি আৰু শম্ভূ মণ্ডলক যুটীয়া আহ্বায়ক দায়িত্ব অৰ্পণ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা এই কমিটীখনেই কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটী আৰু ব্লক কংগ্ৰেছ কমিটীসমূহ নতুনকৈ গঠনৰ বাবে ব্যক্তিৰ নিৰ্বাচিত কৰি চলিত মাহতে প্ৰদেশ কংগ্ৰেছক অৰ্পণ কৰিব।
আনহাতে, কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটী স্থাৱৰ-অস্থাৱৰ সম্পত্তি খতিয়ানৰ লগতে বিগত পাঁচ বছৰত বিভিন্ন উৎস পৰা হোৱা আয় আৰু জিলা কংগ্ৰেছৰ ব্যয়ৰ এক বিস্তৃত হিচাপ দাখিল কৰিবলৈ জাননীত উল্লেখ আছে।
ইফালে বৰপেটা জিলা মন্দিয়া ব্লক কংগ্ৰেছ কমিটী আৰু ইয়াৰ অন্তৰ্গত মণ্ডল-বুথ কমিটীসমূহ ভংগ কৰি নতুনকৈ গঠনৰ নিৰ্দেশনা প্ৰদান কৰিছে বৰাই।প্ৰদেশ কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন চিকদাৰ আৰু সাংসদ আব্দুল খালেকৰে আলোচনাৰ মৰ্মে মন্দিয়া ব্লকসহ মণ্ডল-বুথ কমিটীসমূহ নতুনকৈ গঠন কৰা বাবে এখন কমিটী গঠনৰ বাবে বৰপেটা জিলা কংগ্রেছৰ সভাপতিক জাননী জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছে।বাঘবৰ সমষ্টি অন্তৰ্গত ব্লকটো জনতা সৈতে আলোচনা মৰ্মে যোগ্য প্ৰাৰ্থী তালিকা ১৫ দিনৰ ভিতৰত প্ৰদেশ কংগ্ৰেছক দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে।













