![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম সাহিত্য সভা নেতৃত্ব কেন্দ্ৰীক সংঘাতৰ মাজতে এবছৰলৈ বৃদ্ধি বৰ্তমানৰ সমিতিৰ কাৰ্যকাল। সভাপতি আসনক লৈ সভাৰ ভিতৰত চলি থকা শীতল যুদ্ধৰ বাবেই নিৰ্ধাৰিত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন। উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীৰ পৰা হ’বলগা কথা আছিল নাৰায়ণপুৰ অধিৱেশন। কোভিডৰ পৰিৱেশৰ বাবে অধিৱেশনখন অহা বর্ষ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব বুলি সংবাদমেলত সভাপতি ডঃ কুলধৰ শইকীয়াই কয়। বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত মৰ্মে নাৰায়ণপুৰৰ অধিৱেশন নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল বাহাল থাকিব। একেদৰে সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব। প্ৰতিনিধি সভাক নাৰায়ণপুৰ আদৰণি সমিতিয়ে অধিৱেশনখন চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰা কথা লিখিত আকাৰে প্ৰতিবেদন দাখিল কৰা বুলিও সভাপতি শইকীয়াই কয়।
সাহিত্য সভা কাৰ্যনিৰ্বাহকসকলক ওপৰিও বিভিন্ন জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল ২০২৩ বৰ্ষ ৪ ফেব্ৰুৱাৰীতকৈ অধিক হ’ব নোৱাৰিব। সভাৰ সংবিধান মৰ্মে এই সিদ্ধান্ত লোৱা বুলিও তেওঁ সংবাদমেলত কয়।
কোভিড সৃষ্টি পৰিৱেশৰ বাবেই যোৱা নৱেম্বৰত সভা নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বুলি উল্লেখ্য কৰে শইকীয়াই। নিৰ্বাচন অনুষ্ঠিত কৰা বাবে গঠন কৰিব লগা নিৰ্বাচনী কমিটি গঠনৰ অসুবিধা বাবেই মূলত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি তেওঁ কয়।
আনহাতে, সাহিত্য সভাৰ কৰ্মচাৰীৰ বন্ধ হৈ থকা দৰমহা প্ৰদানৰ সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচনা হোৱা বুলি সংবাদমেলত অৱগত কৰে শইকীয়াই।













