![]()
নিউজ ডেস্কঃ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ইণ্ডিয়া ক্লাবৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। পিবি-১১ বি ইউ- ৫৪০৯ নম্বৰৰ ১৬ চকীয়া ট্ৰেইয়লাৰ গাড়ীয়ে মাৰ্ঘৰিটাৰ পৰা বৰগোলাই অভিমুখে আহি থকা এখন স্কুটিক প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় সৰিতা গুৰুং নামে মহিলা গৰাকী।

আনহাতে, মহিলা গৰাকীৰ লগতে থাকে ৰাজু গুৰুং নামৰ যুৱক জন। একাংশ যুৱকে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা গাড়ীখন খেদি নি কিছু দুৰত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে। অৱশ্যে গাড়ীৰ চালক হেণ্ডিমেন পলায়ন কৰে।
মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচাৰ সমীপত আন এক পথ দুৰ্ঘটনাত ডিগবৈ বৰবিলৰ সুমন দত্ত নামৰ ব্যক্তিজনৰ মৃত্যু হৈছিল। খবৰ অনুসৰি, আজি সংঘটিত হোৱা দুৰ্ঘটনাত ট্ৰেইয়লাৰ গাড়ীখন কয়লা সৰবৰাহৰ সৈতে জড়িত। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কালি দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰঙা ৰং গাড়ীখন আৰু চালকক বাতৰি লেখা সময়লৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।












