ডিজিটেল বাৰ্তা, বোকাখাটৰ পৰা অজন্তা তালুকদাৰঃ সাম্প্ৰতিক কালত পৃথিৱীৰ ভিন্ন প্ৰান্তৰ মানুহৰ মাজত দ্ৰুততম সংযোগ স্থাপনৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম হৈছে ৱাটচ্ এপ। এশ্ৰেণী অখ্যাত অথচ প্ৰৱল বৌদ্ধিক চিন্তা সম্পন্ন সদস্যৰে গঠিত ‘শুদ্ধচিন্তা’ নামৰ তেনে এটি ৱাটচ্ এপ গ্ৰুপে আলোচনা সত্ৰ অনুষ্ঠিতকৰণ, বৃক্ষৰোপণ, পুথি প্ৰকাশ আদি কেতবোৰ জনমুখী কাৰ্যসূচী ৰূপায়ণেৰে একান্তচিত্তে জীৱন আৰু সমাজৰ উৎকৰ্ষ সাধনত ব্ৰতী হৈ আছে । শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন পেশাত নিয়োজিত এইকেইজন লোকৰ ৱাটচ্ এপ গ্ৰুপ ‘শুদ্ধচিন্তা’-ই ছপা আকাৰত গল্প সংকলন, গ্ৰুপত চৰ্চিত বিভিন্ন বিষয় সন্নিবিষ্ট কৰি প্ৰায় ৪০০ পৃষ্ঠাৰ ‘শুদ্ধচিন্তা’ নামৰ গ্ৰন্থ আৰু একে নাম শীৰ্ষক বুলেটিন প্ৰকাশেৰে ২০১৫ চনৰ পৰা লৈ আহিছে ব্যতিক্ৰমী কাৰ্যক্ৰম।
যোৱা ৭ জুলাইত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত গোটটোৰ চতুৰ্থবাৰ্ষিক জন্ম জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত হয় প্ৰীতি সন্মিলন। এই উদ্দেশ্যে অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক খৰ্গমাই বৰাই, সভাপতিত্ব কৰে দুলীয়াজানৰ ৰুপল নাথে । বোকাখাতৰ মনালিছা শইকীয়াই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিব্ৰুগড়ৰ ভৰত সন্দিকৈয়ে। সভাত গোটৰ আন এগৰাকী প্ৰশাসক গুণকান্ত গগৈয়ে সম্পদনা কৰি উলিওৱা ‘শুদ্ধচিন্তা’ শীৰ্ষক গোটৰ বাৰ্ষিক বুলেটিনৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে ।
ভৰত সন্দিকৈয়ে সম্পাদনা কৰা গোটৰ সদস্য সকলৰদ্বাৰা সংকলিত ‘এমুঠি জোনাকীৰ জিলমিল’ শীৰ্ষক গল্প সংকলনখনি উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° গায়ত্ৰী বৰা কাকতিয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিতি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গোটৰ প্ৰশাসক গুণকান্ত গগৈ, ভৰত সন্দিকৈ, জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে বুবুল দত্ত আৰু ভবানন্দ কলিতাই। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ শুদ্ধচিন্তাৰ সদস্য সকল ক্ৰমে নিৰুপমা ডেকা, অনিস্মৃতা শৰ্মা, নিৰ্মালী দেৱী, শ্যামলী দেৱী, বুলুমা গগৈ, গায়ত্ৰী দেৱী, দ্বিজেন শৰ্মা, ৰঞ্জন গোস্বামী, তুলসী গগৈ, মলিন মজুমদাৰ আৰু মনালিছা শইকীয়াকে আদি কৰি ভালেসংখ্যক সদস্য উপস্থিত থাকে।
নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। আমন্ত্ৰিত অতিথি হিচাপে আৰু উপস্থিত থাকে কিশোৰ বৰ্মণ, অলকানন্দ কাকতি, অজন্তা তালুকদাৰ, সুদীপ্ত তামূলী, পলিমা চেতিয়া বসুমতাৰী, ডালিমী বৰ্মণ আদি। সভাত দায়বদ্ধতা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াই সুচাৰুৰূপে অনুষ্ঠানটি সফল কৰি তোলা বোকাখাতৰ সদস্যদ্বয় মনালিছা শইকীয়া আৰু নিৰুপমা ডেকাক গোটৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।
সভাত কনমানি শিল্পী ভূয়সী বৰ্মনৰ সৰস্বতী বন্দনাৰে আৰম্ভহোৱা অনুষ্ঠানত ৰাগিনী দেৱীয়ে জ্যোতি সংগীত পৰিৱেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় মনালিছা শইকীয়াই। অনুষ্ঠানৰ অন্তত গ্ৰুপৰ সদস্য সকলে স্থানীয় ঐতিহ্যমণ্ডিত স্থানসমূহ দৰ্শন কৰে আৰু ভৱিষ্যতে কাৰ্যপন্থা অধিক জনমুখী কৰি তুলিবলৈ সংকল্প গ্ৰহণ কৰে।













