![]()
মনোজ কুমাৰ পাঠক:
লংকা : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে আজি হোজাইৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত প্ৰশাসনৰ উদ্যোগত হিতাধিকাৰীসকলৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷
সভাত ৰাজ্যৰ বনমন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুখ্য অথিতি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে প্রথম শ্ৰেণীৰ ঋণধাৰকক ২৫,০০০ টকা অথবা মুঠ অনাদায় ঋণৰ যিটোৱেই কম, সেই পৰিমাণৰ উদগনিমূলক সাহায্য চেকৰ জৰিয়তে হিতাধিকাৰীক প্ৰদান কৰে ।
পাঁচ হেজাৰ প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীসকলক উদগনিমূলক সাহায্য প্রদান কৰাৰ পাছত বাকী দুটা শ্ৰেণীৰ হিতাধিকাৰীক পর্যায়ক্রমে সকাহ প্ৰদান কৰা হ’ব।
হোজাইত মুঠ পৰ্যায় ক্ৰমে ১৭ হাজাৰ হিতাধিকাৰীক চেক প্ৰদান কৰা হ’ব বুলি সভাত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
আজিৰ এই অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লগতে হোজাই জিলা উপযুক্ত অনুপম চৌধুৰী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অগপৰ জিলা সভাপতি ৰেজাউল কৰিম চৌধুৰীসহ অন্যান্য সকল উপস্থিত আছিল ৷












