![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ বৈঠক। বামুনীমৈদামস্থিত সংসদৰ কাৰ্যালয়ত প্ৰায় ডেৰঘণ্টা যোৰা বৈঠকত মিলিত আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা ছয় জনীয়া প্ৰতিনিধিদলৰ। উল্লেখ্য যে আগন্তক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত বিস্তৃত আলোচনা হয় বিশেষ বৈঠকত।
কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল চাৰিওটা শাখাত অনুষ্ঠিত হ’ব লগা এইবাৰৰ মুঠ পৰীক্ষাৰ্থী ২লাখ ১৫হাজাৰ ২২গৰাকী। কোভিডৰ পৰিৱেশে পৰীক্ষাৰ্থীক ক্ষতিগ্ৰস্ত কৰা পাছত চূড়ান্ত পৰীক্ষাত কেনেধৰণৰ ব্যৱস্থা থাকিব তাৰ বুজ লয় প্ৰতিনিধি দলটোৱে। উল্লেখ্য ১০০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা চূড়ান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰী অভিযোগ আছিল, পাঠ্যক্ৰম হ্ৰাস কৰা বাবে বিভিন্ন সময়ত দাবী জনায় আছিল। সেই সন্দৰ্ভত কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হোৱাকৈ এই পৰীক্ষাৰ অনুষ্ঠিত কৰা দাবী আছু। আছু দাবী প্ৰতিও কৰ্তৃপক্ষই সহমত প্ৰকাশ কৰিছে। ১০০% পাঠ্যক্ৰমক সামৰি অনুষ্ঠিত হ’ব লগা পৰীক্ষাত প্রতিটো প্ৰশ্নৰ বিপৰীতে থাকিব একোটাকৈ বিকল্প প্ৰশ্ন। বিকল্প প্ৰশ্ন জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হ’ব – সাধাৰণ সম্পাদক শংকৰে কয়।
আনহাতে, আছু প্ৰতিনিধি দলে কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা কেন্দ্ৰৰ বৃদ্ধি প্ৰস্তাৱ আগবঢ়াই সংসদক। পূৰ্বতে ৮২০টা পৰীক্ষা কেন্দ্ৰ আছিল। গুৰুত্বপূৰ্ণ যে, পূৰ্বতকৈ এইবাৰ প্ৰায় ৩৫ হাজাৰ পৰীক্ষাৰ্থী সংখ্যা হ্ৰাস পাইছে। পৰীক্ষাৰ্থী সংখ্যা হ্ৰাসত উদ্বেগ প্ৰকাশ কৰি শংকৰে কয়-ছাত্ৰ-ছাত্ৰী সংখ্যা কিয় হ্ৰাস হৈছে চৰকাৰ তথা বিভাগে আলোচনা কৰা প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীৰ সংসদৰ প্ৰতি অনীহা আহিছে নেকি নে অন্য কাৰণত হ্ৰাস পাইছে তাৰ আলোচনা হ’ব লাগে।
বৃহস্পতিবাৰৰ বৈঠকত আছু দলটোৱে কোভিডত আক্রান্ত ছাত্ৰ-ছাত্ৰীক সুকীয়া শ্রেণীকোঠাত পৰীক্ষা দিয়া ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াই। মুঠ পৰীক্ষা কেন্দ্ৰ সংখ্যা কিমান হ’ব সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত আছুক অৱগত কৰিব বুলিও আশ্বাস প্ৰদান কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে-এই কথা জানিবলৈ দিয়ে শংকৰজ্যোতি বৰুৱাই।
গুৰুত্বপূৰ্ণ কোভিড পৰিস্থিতি বাবে যদি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে তাৰ বাবেও ইতিমধ্যে ব্যৱস্থা লৈছে সংসদে।পৰীক্ষা অনুষ্ঠিত নহ’লে ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি দুৰ্যোগ নামি আহিব বুলিও তেওঁ কয়।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে ছেৱা কর্তৃপক্ষ সৈতেও আছু প্ৰতিনিধি দলে হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰস্তুতি সন্দৰ্ভত বৈঠকত মিলিত হৈছিল।
ইফালে বৈঠকত আছু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, উপ-সভাপতি উৎপল শৰ্মা সংসদৰ সচিব আৰু পৰীক্ষাৰ নিয়ন্ত্ৰকো উপস্থিত থাকে।













