![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : শিৱসাগৰৰ আমগুৰিত পলাতক মৃদুপৱন নেওগৰ দুই সহযোগী ক্ৰমে ৰক্তিম গগৈ আৰু অভিজিত গগৈক আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁও নেহা কাৰ বজাৰৰ স্বত্বাধিকাৰ ইমৰান হুছেইনৰ পৰা এখন বিলাসী গাড়ীৰ বিক্ৰীৰ বাবে বহু লাখ টকা লৈ বাহনখন নিদিয়াৰ বাবে নগাঁও আৰক্ষী সদৰ থানাত ২৩২এ/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল।
তাৰ পিছতেই আৰক্ষীয়ে মৃদুপৱন নেওগৰ গুৱাহাটীৰ কাহিলিপাৰৰ এপাৰ্টমেণ্টত অভিযান চলাইছিল যদিও অভিযুক্ত নেওগ পলাই যায়। কিন্তু, এপাৰ্টমেণ্টত আৰক্ষীয়ে জব্দ কৰে চৰকাৰী নথি-পত্ৰৰ লগতে পিষ্টল আৰু গুলী।
আনহাতে, চাৰিমাহে পলাতক হৈ থকা মৃদুপৱনৰ এটা ফোন কলে এতিয়া ৰাজ্যৰ লগতে আৰক্ষীৰ শীৰ্ষমহলত খলকনিৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত আজি নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। মৃদুপৱনৰ সকলো কথা মিছা বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক মিশ্ৰাই।












