![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কেইবাখনো সাৰৰ পাইকাৰী-খুচুৰা বিপনী, গোদামত উপায়ুক্ত, কৃষি বিভাগৰ লোকসহ আৰক্ষীৰ অভিযান।
বৰাকত ইউৰিয়া সাৰৰ কেইবাখনো ট্ৰাক জব্দ হোৱাৰ পিছত চোৰাং ইউৰিয়া সাৰ ব্যৱসায়ৰ কেন্দ্রস্হল হিচাপে হোজাই আৰু নগাঁও জিলা বুলি চিহ্নিত হোৱাৰ পিছত হোজাইৰ উপায়ুক্তৰ এই তৎপৰতা।
ইতিমধ্যে হোজাইৰ বিভিন্ন স্হানত ৫খনকৈ ইউৰিয়া সাৰৰ ট্ৰাক জব্দ কৰিছে হোজাই প্ৰশাসনে।
আনহাতে আকৌ ৩১ জানুৱাৰী নিশা ১২৬০ বেগ, ৩ ফ্ৰেব্ৰুৱাৰী তাৰিখে ৯২ বেগ ইউৰিয়া সাৰসহ সৰ্বমুঠ ৩ জনক আটক কৰিছে আৰক্ষীয়ে।
আজিও উদালী আৰক্ষীয়ে অবৈধ ইউৰিয়া সাৰৰ বিৰুদ্ধে অভিযান চলাই লংকাৰ উদালী অঞ্চলত বহু বেগ ইউৰিয়া সাৰ জব্দ কৰিছে।
দৰাচলতে, চোৰাং ইউৰিয়া সাৰৰ বিৰুদ্ধে মূল অভিযুক্তক বিচাৰি হোজাইৰ আৰক্ষী প্ৰশাসনে অভিযান চলাই আছে বুলি মন্তব্য প্ৰকাশ কৰে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে।












