![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লংকাৰ ১নং ৰে’লৱে গেটৰ অৰুণ চাহানী ওৰফে বকুল নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰৰ পৰা জব্দ কৰে প্ৰায় ৯ কেজি গাঞ্জা আৰু ৬ দশমিক ৫ গ্ৰাম হেৰ’ইন।
আৰক্ষীয়ে লগতে শৰৎ ঘোষ নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ বিপৰীতে মষ্ট ৱান্টেড অৰুণ চাহানী ওৰফে বকুল নামৰ সৰবৰাহকাৰীটো আন্ধাৰৰ সুযোগত পলায়ণ কৰে।
আৰক্ষীয়ে বৰ্তমান পলাতক অৰুণ ওৰফে বকুলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।












