![]()
মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদ
ধূলা আৰক্ষীয়ে হিৰাপাৰাৰ পৰা শুক্ৰবাৰে কুদ্দুছ আলীক আটক কৰাৰ পিছত নিশা ধূলা থানাৰ অন্তর্গত ঘাটপাৰত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ যোৱাৰ সময়তে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াই আহত কৰে কুদ্দুছক। ধনশিৰি কাষত আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই এনকাউন্টাৰ কৰে আৰক্ষীয়ে।
ভৰিত গুলী লাগে কুদ্দুছ আলিৰ। মঙলদৈ অসামৰিক চিকিৎসালয়ত যোৱানিশা ১২.৩০ বজাত ভৰ্তি কৰায় যদিও শনিবাৰে ১১ বজাত চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে চমজি লয় বুলি জানিব পৰা গৈছে।
আৰক্ষী সূত্ৰ মতে, মাফিয়া কুদ্দুছ আলিৰ পৰা নগদ ৫০০০/- টকা, চাৰিটা ড্ৰাগছ কন্টেইনাৰ জব্দ কৰে। বৰ্তমানলৈ আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই।












