![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শনিবাৰে মেঘালয় নৰ্থ-ইষ্ট পুলিচ একাডেমীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ৰাজ্যৰ ৫৯৭গৰাকীৰ প্ৰশিক্ষণৰত আৰক্ষী উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণ বুজ লয় মহন্তই। উল্লেখ্য যে, ৯মাহ ইতিমধ্যে প্ৰশিক্ষণ সম্পন্ন হৈছে উপ-পৰিদৰ্শকসকলৰ। চলিত বৰ্ষৰ মাৰ্চ মাহৰ শেষৰফালে সমাপন হ’ব এইসকলৰ প্ৰশিক্ষণ। তাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত জনতাৰ সুৰক্ষাত নিয়োজিত হ’ব উপ-পৰিদৰ্শকসকল।
ইফালে, আজি প্ৰশিক্ষণৰত উপ-পৰিদৰ্শকসকলে মহন্তক পেৰেডে অভিবাদন জনাই। গুৰুত্বপূৰ্ণ কথা আই পি এছ দীপক কুমাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা উপ-পৰিদৰ্শকসকলে অসম আৰক্ষীক অধিক শক্তিশালী কৰিব বুলিও আশা প্ৰকাশ কৰে মহন্তই।













