![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে অভিযান চলাই আটক কৰে গুৰুদাস মণ্ডল নামৰ লোকজনক। ধৃত গুৰুদাস মণ্ডলৰ ঘৰ ৰূপহী থানাৰ অন্তৰ্গত টুবুকী জাৰুণী গাঁৱত৷
ধৃত লোকজনে গঁড়ৰ খড়্গটো বিক্ৰী কৰিবলৈ নীলবাগানলৈ আহিছিল যদিও আৰক্ষীৰ অভিযানৰ উমান পাই নীলবাগানৰ পৰা পলায়ন কৰে৷
মোৰাঝাৰ আৰক্ষীয়ে লোকজনৰ পিছে পিছে খেদি গৈ ৰূপহী আৰক্ষীৰ সহযোগত লাওখোৱাৰ পৰা গঁড়ৰ খড়্গসহ লোকজনক আটক কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে ধৃত লোকজনৰ AS-12AB-7466 নম্বৰৰ মটৰ চাইকেলখনো জব্দ কৰিবলৈ সক্ষম হয়৷
বৰ্তমান ধৃত লোকজনক মোৰাঝাৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে৷












