![]()
সৰস্বতী পূজাৰ আনন্দৰ মাজতেই মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩৬ বজাত মহানগৰী দিছপুৰ কলেজৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ডটো।এটা অসম আৰ্হিৰ ঘৰৰ লগতে এটা গুদামত সূত্ৰপাত হয় অগ্নিকাণ্ডতো।
উল্লেখ্য যে এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হয় বাসগৃহ লগতে গুদামতো।অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱা খবৰ পোৱা মাত্রকে অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনকৈ বাহন ঘটনাথলীত উপস্থিত হয়।
বহুসময় ধৰি চলোৱা আপ্ৰাণ চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ইফালে কিহৰ পৰা জুই সূত্ৰপাত হয় তাৰ প্ৰকৃতি কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত বহু লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।













