![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ বোকাজানত আজি বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ বাবে আহত হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি প্ৰায় ১ বজাত গোলাঘাট জিলাৰ ফৰকাটিঙৰ পৰা খটখটীলৈ আটা কঢ়িয়াই অনা এএছ ০৫ বি ৪১৮৪ নম্বৰৰ ৪০৭ বাহনখনে বোকাজান থানাৰ অন্তৰ্গত বাঘজানত ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লকজন গোলাঘাট জিলাৰ বাবলু আলি বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে দুৰ্ঘটনাটোত অতি গুৰুতৰভাবে আহত হোৱা আন দুজন লোকক লগে লগে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ঙ্কৰ আছিলযে দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ মূল ইঞ্জিনৰ অংশ ছিঙি বাহনখনৰ পৰা বিচ্ছিন্ন হৈ পৰে ৷













