![]()
নিউজ ডেস্কঃ
ৱেব ছিৰিজ চাই অনুপ্রাণিত হৈ অট্টালিকাৰ ১১ মহলাৰ পৰা জাঁপ দি প্রাণ গ’ল বিৰাজ পাচিশিয়া নামৰ এজন কিশোৰৰ। শনিবাৰে ফুলবাগানৰ এটি অভিজাত ফ্লেটত ঘটনাটি ঘটে। ফ্লেটটোৰ ছুইমিং পুলৰ কাষৰ পৰা উদ্ধাৰ হয় বিৰাজৰ মৃতদেহ। প্রাথমিকভাবে আৰক্ষীৰ অনুমান, এক জাপানিজ ৱেব ছিৰিজ চোৱাৰ পিছতেই অট্টালিকাটোৰ ছাদৰ পৰা জাঁপ দিয়ে কিশোৰজনে।
ফুলবাগানৰ কেনেল চার্কুলাৰ ৰোডৰ বাসিন্দা বিৰাজ। পার্ক চার্কাছৰ এখন নামী স্কুলত পঢ়ে। সৰস্বতী পূজাক লৈ ঘৰত যেতিয়া সকলো ব্যস্ত আছিল, তেতিয়াই সকলোৰে অলক্ষিতে ছাদলৈ যায় বিৰাজ। ইয়াৰ কিছু সময় পিছতেই শব্দ শুনি ছুইমিং পুলৰ কাষলৈ দৌৰি যায় নিৰাপত্তাৰক্ষীসকল৷ তাত গৈ দেখে, বিৰাজৰ ৰক্তাক্ত দেহ মাটিত পৰি আছে। লগে লগে আৰক্ষী কখবৰ দিয়া হয়।
পৰিয়ালৰ সূত্ৰ মতে, অনলাইন ক্লাছৰ বাবে ইলেকট্রনিক গেজেট কিনি দিছিল বিৰাজক। উক্ত গেজেট লৈয়েই সমগ্ৰ দিন ব্যস্ত আচিল। গেজেটখন উদ্ধাৰ কৰি এটি জাপানিজ ৱেব ছিৰিজ সম্পর্কে আৰক্ষীয়ে জানিব পাৰে।











