![]()
নিউজ ডেস্কঃ
সম্প্রতি নির্বাচনী প্রচাৰৰ পৰা উভতাৰ পিছত এআইএমআইএম প্রধান আছাদুদ্দিন ৱেইছিৰ গাড়ীত আক্ৰমণ চলায় দুষ্কৃতিকাৰীয়ে। কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁৰ৷ উক্ত ঘটনাৰ প্রৰিপ্রেক্ষিততে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মিম নেতাজনক জেড কেটেগৰি সুৰক্ষা গ্রহণৰ অনুৰোধ জনায়।
সংসদত গৃহমন্ত্রীয়ে কয়, ‘ৱেইছিৰ সুৰক্ষাত আশংকা আছে। চৰকাৰে তেওঁৰ বাবে জেড কেটেগৰি (বুলেট প্রুফ গাড়ীসহ) সুৰক্ষা দিয়াৰ সিদ্ধান্ত ল’লেও ৱেইছি ৰাজী হোৱা নাই। মই এই সদনৰ সদস্যসকলৰ জৰিয়তে অনুৰোধ জনাইছো, এই ব্যৱস্থা গ্রহণ কৰক।’
তেওঁ লগতে কয়, ‘দুই অজ্ঞাত পৰিচয়ৰ লোকে গাড়ীলৈ গুলী চলায়। তেওঁ নিৰাপদে ওলাই আহিলেও গাড়ীৰ তলৰ অংশত তিনিটা গুলীৰ দাগ আছিল। তিনিজন উক্ত ঘটনাৰ প্রত্যক্ষদর্শী আছিল আৰু এফআইআৰ দাখিল হৈছে।’ এই পর্যন্ত দুজনক এই ঘটনাত গ্রেপ্তাৰ কৰা হৈছে৷ তেওঁলোকৰ পৰা দুটি পিষ্টল আৰু এখন মাৰুতি অল্টো গাড়ী বাজেয়াপ্ত কৰা হৈছে।
আনহাতে, উক্ত আক্ৰমণৰ কিছু দোষ খোদ ৱেইছিৰ ওপৰতো দিয়ে গৃহমন্ত্রীয়ে। তেওঁ কয়, নিজৰ গতিবিধিৰ বিষয়ে আৰক্ষীক একো জনোৱা নাছিল ৱেইছিয়ে। হাপুৰত তেওঁৰ কোনো পূর্ব-নির্ধাৰিত কাৰ্যসূচীও নাছিল। জিলা কন্ট্রোল ৰুমক তেওঁৰ যাতায়াত সম্পর্কে আগতীয়াকৈ একো জনোৱা হোৱা নাছিল।











