ডিজিটেল সংবাদ, ASSAM TIMES POST (অজন্তা তালুকদাৰ)বোকাখাটঃ বোকাখাতত অসম নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত আৰু পুৱতি সাহিত্য সভাৰ সহযোগত ষাঠিৰ দশকৰে অসমৰ জাতীয় সংগীত নেপালী ভাষালৈ অনুবাদ কৰা অসমীয়া নেপালী সাহিত্যৰ কবি, গীতিকাৰ, লেখক হৰিভক্ত কটুৱালৰ ৮৪ সংখ্যক জন্মজয়ন্তী ২ জুলাই তাৰিখে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে পুৱতিৰ সভাপতি অপূৰ্ব বৰদলৈ আৰু নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সভাপতি মোহন চেত্ৰীয়ে ।
বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই । স্মৃতি তৰ্পন কৰে পুৱতিৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন আৰু চৈতে দশৈ মহোৎসৱৰ বোকাখাতৰ সংস্থাপক সম্পাদক মুক্তি চেত্ৰীয়ে। বহুভাষিক কবি সন্মিলনৰ সঞ্চালনা কৰে বিশিষ্ট লেখক অনুবাদ সাহিত্যৰ বঁটা প্ৰাপক জ্ঞান বাহাদুৰ চেত্ৰীয়ে। সন্মিলন উদ্বোধন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভাপতি কল্পনা চেতিয়াই । আমন্ত্ৰিত কবি হিচাপে উপস্থিত থাকি কবি নিজৰা বৰঠাকুৰ , পদুমী গাজলু , অজিত গগৈ আৰু এনিশা ঘিমিৰে কবিতা পাঠ কৰে । কবি সন্মিলনত কবিতা পাঠ কৰে অপূৰ্ব বৰদলৈ , তৰুণ দলে , অমৰ শৰ্মা , মনালিছা শইকীয়া, ৰীণা কটকী, পপী শইকীয়া , চন্দ্ৰপ্ৰভা শইকীয়া ডেকা , দৃষ্টিৰূপা বৰদলৈ, বিষ্ণু থাপা , পংকজ কালিন্দী , ঊষাজোন ফুকন , কুঞ্জলতা দাস, প্ৰিয়াংশু প্ৰাঞ্জল , গীতাঞ্জলী কলিতা , ডঃ চিন্তামণি শৰ্মা , সীতাংসু বৰকটকী, নমিতা বৰাই অসমীয়াত, অজন্তা তালুকদাৰে ইংৰাজী আৰু অসমীয়াত , দিব্যা কটুৱাল, তিলো চেত্ৰী, লীলানাথ শৰ্মা , লীলানাথ উপাধ্যায়, অনিতা পৌৰেল , এনিশা ঘিমিৰে , তিলক শৰ্মাই নেপালী ভাষাত আৰু কবি পদুমী গাজলুৱে চাহজনগোষ্ঠীয় ভাষাত কবিতা পাঠ কৰে ।

কবি সন্মিলনত অতুল বেজবৰুৱা, প্ৰহ্লাদ চেত্ৰী , মুন কলিতা , কাকলি গোস্বামী আৰু মিনাক্ষী নাথে গীত পৰিবেশন কৰে । দিনৰ ১ বজাত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ আৰু মোহন ছেত্ৰীৰ পৰিচালনাত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁট ধৰা মূল সভা উদ্বোধন কৰে অসম নেপালী সাহিত্য সভাৰ মাণ্ডলিক সম্পাদক তিলক শৰ্মাই। নিৰ্দিষ্ট বক্তা অসম নেপালী সাহিত্য সভাৰ উপসভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° চিন্তামনি শৰ্মাই কবি হৰিভক্ত কটুৱালৰ জন্ম জয়ন্তী অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাই যুটীয়াভাৱে পালন কৰা কাৰ্যই সমন্বয়ৰ বাট অধিক কটকটীয়া কৰিব বুলি উল্লেখ কৰি এই দিনটো এক ইতিহাস আখ্যা দি বোকাখাত পুৱতি সাহিত্য সভালৈ ধন্যবাদ জ্ঞাপন কৰে।
বিশিষ্ট অতিথি বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হোমেন হাজৰিকা, প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতি, অসম সাহিত্য সভাৰ আহ্বায়ক যাদৱ শৰ্মা, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ নাথ হাজৰিকা, সুবৰ্ণ শইকীয়া বৰদলৈ, ভবানন্দ কলিতা, গুণ বাহাদুৰ ছেত্ৰী, লীলা নাথ উপাধ্যায়, পদ্ম কেশৰ ছেত্ৰী, অমৰ শৰ্মা, চন্দ্ৰ শৰ্মা, ইন্দ্ৰজিত বাবাজী, নৰপতি শৰ্মা, উৎপল বৰদলৈ, কালিদাস উপাধ্যায় আদি ব্যক্তি সকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
সন্মানীয় অতিথি হিচাপে মৈত্ৰী বন্ধন উপসমিতিৰ উপসভাপতি চিৰাজ খান, সদস্য চিৰঞ্জীৱ বৰুৱা আৰু লক্ষেশ্বৰ বৰা উপস্থিত থাকে। সভাৰ মাজতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নেপালী সম্প্ৰদায়ৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ তকৈও অধিক নম্বৰ প্ৰাপ্ত ৩৯ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।
সভাতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰী প্ৰয়াসী গোস্বামীক সম্বৰ্দ্ধনা জনোৱা হয়। সভাৰ শেষত সঞ্চালকদ্বয়ে মন্তব্য দিয়াৰ পিছতে শলাগৰ শৰাই আগবঢ়ায় ক্ৰমে অসম নেপালী সাহিত্য সভা, বোকাখাত জিলা সমিতিৰ সম্পাদক শ্যামলাল পোখ্ৰেল আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই।













