![]()
নিউজ ডেস্কঃ
হিজাব পিন্ধি কলেজত প্ৰৱেশক লৈ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কর্নাটক হাইকোর্টৰ দ্বাৰস্থ হৈছিল উদুপিৰ পাঁচগৰাকী ছাত্রী। উক্ত শুনানিৰ পূৰ্বেই অগ্নিগর্ভ পৰিস্থিতি মহাত্মা গান্ধী মেমোৰিয়েল কলেজত। গে’টৰ বাহিৰত দুভাগত বিভক্ত হৈ আছে শিক্ষাৰ্থীসকল। এদলে হিজাব পিন্ধিছে আৰু আনটো দলে গেৰুৱা স্কার্ফ পিন্ধিছে। গেৰুৱা দলৰ পৰা আকৌ শ্লোগান আহিল ‘জয় শ্রীৰাম’ । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ কোনো পক্ষকেই কলেজত প্ৰৱেশ কৰিব দিয়া হোৱা নাই।











