![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা অসম চৰকাৰৰ শ্ৰম বিভাগৰ এটি কাৰ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হয়। হাফলং চহৰৰ ৰেʼলৱে ফিল্ডৰ সমীপত নিৰ্মাণ হোৱা কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে। কাৰ্যালয় উদ্বোধন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা এক সভাত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত শ্ৰমিকসকলে নিজৰ অধিকাৰ ভোগ কৰিব পাৰিলেহে অসম আগবাঢ়ি যাব বুলি মন্তব্য কৰে। নিজকে এগৰাকী শ্ৰমিক পৰিয়ালৰ সন্তান বুলি উল্লেখ কৰি শ্ৰমিকসকলৰ বাবে কিবা কৰাৰ সুযোগ পালে শান্তি লাভ কৰা বুলি কয়। কাৰ্যালয়টো স্থাপন হোৱাৰ ফলত ডিমা হাছাওবাসী উপকৃত হʼব বুলি আশা প্ৰকাশ কৰাৰ লগতে আহিবলগীয়া দিনবোৰত পাহাৰীয়া জিলাখনত বহুতো উন্নয়নমূলক কামত কাজ হাতত লোৱা হʼব বুলি মন্তব্য কৰে।

অনুষ্ঠানটোত হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, অসম চৰকাৰৰ শ্ৰম আয়ুক্ত অমিতাভ ৰাজখোৱা, জিলা উপায়ুক্ত নাজৰিন আহমেদ, মাণ্ডলিক আয়ুক্ত বৰ্ণালী চাংকাকতি আদি উপস্থিত থাকে।













