![]()
নিউজ ডেস্কঃ
স্বামী-স্ত্রীৰ কাজিয়াৰ মাজতে চলিল গুলী। সেই গুলীতে নিহত হ’ল প্রতিবেশী যুৱতীৰ। মঙ্গলবাৰে এই ঘটনাটো ঘটে পশ্চিমবংগৰ বীৰভূমৰ নলহাটিত। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্রাথমিক অনুমান মতে, ত্রিকোণ প্রেমৰ ফলতেই অশান্তি বিৰাজ কৰিছিল স্বামী-স্ত্রীৰ মাজত। তাৰ ফলতেই ভুলবশত যুৱতীগৰাকী নিহত হয়। ব্যক্তিজনে পত্নীক লক্ষ্য কৰিয়েই গুলী চলোৱা বুলি অনুমান আৰক্ষীৰ।
মঙ্গলবাৰে নলহাটি থানাৰ ৩ নম্বৰ ৱার্ডত উক্ত ঘটনাটো ঘটে। আৰক্ষী সূত্ৰ মতে, মৃত কলেজীয়া ছাত্রীগৰাকীৰ নাম নিকিতা খাতুন। মঙ্গলবাৰে দুপৰীয়া প্রতিবেশী বীৰু শ্বেখ আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়া লাগে। ঘৰৰ ছাদত কাজিয়াৰ সময়তে হঠাৎ বীৰুৱে তেওঁৰ পত্নীক লক্ষ্য কৰি গুলী চলায়। কিন্তু সেই গুলী গৈ লাগে নিকিতাৰ শৰীৰত। তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি স্থানীয় মেডিকেল কলেজ হাস্পটাললৈ লৈ যোৱা হয়। তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ পিছৰ পৰাই অভিযুক্ত বীৰু পলাতক। আৰক্ষীয়ে অভিযুক্তৰ পত্নীক আটক কৰে।
প্রাথমিক তদন্ত মতে, নিকিতা নামৰ যুৱতীগৰাকীৰ লগত বীৰুৰ বিবাহ-বহির্ভূত সম্পর্ক আছিল। মঙ্গলবাৰে দুপৰীয়া নিকিতাৰ সৈতে ছাদত কথা পাতি আছিল বীৰুই। সেই সময়তে তেওঁৰ পত্নীয়ে তেওঁলোকক দেখা পায়। তেওঁ ছাদলৈ গৈ বীৰুৰ সৈতে কাজিয়াত লিপ্ত হয়। তাৰ পিছতে বীৰুই পত্নীক উদ্দেশ্যি গুলী চলায়। কিন্তু সেই গুলী গৈ নিকিতাৰ শৰীৰত লাগে।











