![]()
নিউজ ডেস্কঃ
হিজাব বিতর্কক লৈ কর্নাটকৰ কলেজবোৰত প্রতিদিনেই উত্তেজনা সৃষ্টি হৈছে। কলেজ কর্তৃপক্ষবোৰে উত্তেজনা শাম কটাবলৈ বিভিন্ন চেষ্টা চলাইছে। তাৰ মাজতে মঙ্গলবাৰৰ পৰা তিনি দিনলৈ ৰাজ্যৰ সকলো স্কুল-কলেজ বন্ধৰ নির্দেশ দিলে মুখ্যমন্ত্রী বাসৱৰাজ বোম্মাই। বিষয়টি সন্দৰ্ভত কর্নাটক হাইকোর্টত এটি গোচৰো আছে। তাৰ শুনানি হয় মঙ্গলবাৰে। ন্যায়াধীশে বুধবাৰেও শুনানিৰ নির্দেশ দিছে।
আদালতত শুনানি আৰম্ভণিৰ ঠিক আগতে মুখ্যমন্ত্রীয়ে টুইট কৰি স্কুল-কলেজ তিনি দিনৰ বন্ধৰ নির্দেশ দিয়ে।উক্ত টুইটত তেওঁ স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক শান্তি বজায় ৰখাৰ বাবে আবেদন জনায়।
শুনানিৰ সময়তো ন্যায়াধীশে শিক্ষাৰ্থী আৰু জনসাধাৰণক শান্তি-শৃঙ্খলা বজায় ৰখাৰ আবেদন জনায়।











