![]()
নিউজ ডেস্কঃ
দেওবাৰে অৰুণাচল প্রদেশৰ ওখ দুর্গম পাহাৰত টহল দিছিল সেনা জোৱানসকলে। তেতিয়াই ঘটে মৰ্মান্তিক কাণ্ড। হয় হিমস্খলন। তাত আবদ্ধ হৈ পৰে জোৱানসকল। মঙ্গলবাৰে তাৰে সাতজন জোৱানৰ মৃতদেহ উদ্ধাৰ হয়। এক বিবৃতিত এই কথা জনাইছে ভাৰতীয় সেনাই।
অৰুণাচলৰ কামেং ছেক্টৰত বিগত কেইবা দিনো ধৰি বতৰ অতি বেয়া আছিল। উষ্ণতা হিমাঙ্কৰ বহু তললৈ নামি যায়। নিৰন্তৰ তুষাৰপাত হৈছিল। তাৰ মাজতেই চীন সীমান্তৱৰ্তী অঞ্চলত টহল দিছিল জোৱানসকলে। তেতিয়াই দুর্ঘটনাটো ঘটে। লগে লগে উদ্ধাৰকাৰ্যত নামি পৰে ভাৰতীয় সেনা। আজি বিবৃতিত জনোৱা মতে, বহু চেষ্টা কৰিও কাকোৱেই বচাব পৰা নগ’ল।
সেনাই জনোৱা মতে, কামেং ছেক্টৰৰ উক্ত অংশৰ উচ্চতা ১৪ হাজাৰ ৫০০ ফুট। বিগত কেইবা দিনো ধৰি তাত চলি আছে প্ৰাকৃতিক দুর্যোগ। সাত সেনাৰ মৃতদেহ দুর্ঘটনাস্থলীৰ পৰা থেকে নিকটৱৰ্তী সেনা হস্পিটেললৈ অনা হৈছে। তাত প্রয়োজনীয় চৰকাৰী প্রক্রিয়াৰ পিছত পৰিয়ালক গতাই দিয়া হ’ব।













