![]()
নিউজ ডেস্কঃ
বিমান উৰিব লওঁতেই ইঞ্জিনৰ ঢাকনি খুলি পৰাৰ ভয়ঙ্কৰ আৰু বিৰল ঘটনা ঘটিল মুম্বাইৰ পৰা গুজৰাটগামী এখন বিমানত।
বুধবাৰে মুম্বাই বিমানবন্দৰৰ পৰা ৭০ জন যাত্রী লৈ দ্য এলায়েন্স এয়াৰৰ এটিআৰ ৭২-৬০০ বিমানখন গুজৰাটৰ উদ্দেশ্যে ৰাওনা হয়। ৰানৱেৰ পৰা উৰাৰ পিছতেই হঠাৎ ইঞ্জিনৰ ঢাকনি খুলি তলত পৰি যায়। আৰু তেনেদৰেই গন্তব্যস্থলীলৈ ৰাওনা হয় বিমানখন। বিষয়টো দৃষ্টিগোচৰ হয় এয়াৰ ট্ৰেফিক কন্ট্রোলৰ। লগে লগে তেওঁলোকে পাইলটক সতর্ক কৰি দিয়ে।
ডিজিচিএৰ সূত্র মতে, ঢাকনি অবিহনে বিমান চলিলে তাৰ ইঞ্জিনৰ ওপৰত প্রচণ্ড প্রভাৱ পৰে। ফলত দুর্ঘটনাৰ এক সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্রত সৌভাগ্যবশত নিৰাপদেই গন্তব্যস্থলত উপনীত হয় বিমানখন।
কিন্তু প্রশ্ন উঠিবলৈ আৰম্ভ কৰিছে যাত্রীসকলৰ সুৰক্ষাক লৈ। বিমানৰ ইঞ্জিনৰ ঢাকনি খুলি গ’লে বিপদৰ যি আশঙ্কা থাকে তাক পৰোৱা নকৰাকৈয়ে কেনেদৰে পাইলটে ইমানজন যাত্রীৰ জীৱনৰ লগত খেলা কৰিলে?
বিষয়টো সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ডিজিছিএই।











