![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত আজি শুভ উদ্ধোধন হ’ল ৰাজ্য চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰীৰ এটি শাখা কাৰ্যালয় ৷ কাৰবি আংলঙৰ বুকুত থকা কয়লা খননৰ বাবে চৰকাৰে পদক্ষেপ হাতত লোৱাৰ সময়তে আজি জিলাখনৰ সদৰ চহৰ ডিফুত খনি বিভাগৰ এটি কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰা কাৰ্ষই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ণ দপ্তৰৰ মন্ত্ৰী যোগেন মোহন আজি ডিফুত উপস্থিত হৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয় ভৱনত থকা কাৰ্যালয়টিৰ শুভ উদ্ধোধন কৰে ৷
মন্ত্ৰীগৰাকীয়ে ফিটা কাটি কাৰ্যালয়টিৰ শুভ উদ্ধোধন কৰাৰ পিছত সাংবাদিকৰে সৈতে বাৰ্তালাপত কাৰ্যালয়টোত প্ৰাথমিকভাবে চাৰিজন কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ লগতে খনি সম্পৰ্কীয় ভালেখিনি গুৰুত্বপূৰ্ণ কাম সম্প্ৰতি গুৱাহাটীলৈ নোযোৱাকৈ এই কাৰ্যালয়ৰ পৰাই কৰিব পৰা যাব বুলি মন্তব্য কৰে ৷ কাৰবি আংলঙৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰাকৃতিক সম্পদসমূহ খননৰ জৰিয়তে চৰকাৰে অধিক ৰাজহ লাভ কৰাৰ পথ প্ৰশস্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

বিভাগটোক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰি মন্ত্ৰী মহনে বিভাগটোৰ ইতিমধ্যে কাছাৰ, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ ,ডিমা হাচাওকে ধৰি ছটা কাৰ্যালয় মুকলি কৰা বুলি জানিবলৈ দিয়ে ৷ খনিজাত সামগ্ৰী খননৰ বাবে চৰকাৰী জৰীপ অব্যাহত থকা বুলি জানিব দি উক্ত খননত প্ৰভূত খনিজাত সামগ্ৰীৰ সন্ধান পোৱা যাব বুলি মন্তব্য কৰি ইয়াৰ পৰা পাহাৰীয়া জিলাখনে অধিক লাভান্বিত হ’ব বুলি কয় ৷ অনুষ্ঠানটোত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ, কেইবীগৰাকী কাৰ্যবাহী সদস্য এমএলএ, পৰিষদীয় সদস্য আৰৱ ডিজিএম উপস্থিত থাকে ৷
ইয়াৰ পিছত মন্ত্ৰীগৰাকী কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদ, বিভাগীয় বিষয়া-কৰ্মীৰ সৈতে পৰিষদৰ সচিবালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷












