![]()
নিউজ ডেস্কঃ
পাহাৰ বগাবলৈ উঠি প্রায় শিখৰত উফনীত হোৱাৰ পিছত পিছলি যায় ভৰি। কিন্তু ভাগ্য সদয় আছিল। সেয়ে তল তপৰি নাযায়। আবদ্ধ হৈ পৰে পাহাৰৰ শিলৰ ফাঁকত। তাতেই দুদিন ধৰি বহি আছিল। অৱশেষত বুধবাৰে পুৱা তেওঁক উদ্ধাৰ কৰে সেনাই।
উদ্ধাৰৰ পিছতেই সেনা জোৱানসকলক সাবটি ধৰি চুমাৰে উপচাই দিয়ে আৰ বাবু নামৰ যুৱকজনে। জনায় অশেষ ধন্যবাদ। তেওঁ নিজেও ভাবিব পৰা নাছিল যে এনেদৰে বাচি আহিব পাৰিব। উদ্ধাৰৰ পিছৰ ভিডিও ভাইৰেল।
কেৰালাক পালাক্কড় জিলাৰ মালমপুজাত আছে চেৰাৰ পাহাৰ। উক্ত পাহাৰতেই সোমবাৰে ট্রেকিং কৰিবলৈ উঠিছিল আৰ বাবু। লগত আছিল আৰু দুই ট্রেকাৰ। মাজপথতে বাকী দুই বন্ধুৱে যাত্ৰা সামৰে। আধাৰ পৰাই নামি আহে দুয়ো। বাবু কিন্তু নাচোৰ বান্দা, পাহাৰ বগাবই৷ তেনেদৰে ইউঠি যায় উপস্থিত হয় শিখৰত। তাৰ পিছতেই অঘটন। ভৰি পিছলি তললৈ সৰি পৰে৷ কিন্তু ভাগ্য ভাল পাহাৰৰ শিলৰ ফাঁকত আবদ্ধ হৈ পৰে বাবু।
তাৰ পিছতেই উদ্ধাৰত নামে সেনা। খবৰ যায় বেঙ্গালুৰু পেৰাছুট ৰেজিমেণ্টেল চেণ্টাৰলৈ। ৱেলিংটনৰ মাদ্রাজ ৰেজিমেণ্টাৰ চেণ্টাৰৰ পৰা দৌৰি আহে পর্বতাৰোহী দল। উদ্ধাৰকাৰ্যৰ নেতৃত্ব দিয়ে লেফটেনেণ্ট জেনেৰেল এ অৰুণে। বুধবাৰে পুৱা পেৰাছুটত বাবুক উঠাই লৈ নামি আহে দুই পেৰাছুটাৰ। অৱশেষত দুদিন পিছত উদ্ধাৰ হয় বাবু।











