![]()
নিউজ ডেস্কঃ
ঋণত জর্জৰিত। আৰু কোনো উপায় নাই। অগত্যা আত্মহত্যাৰেই সিদ্ধান্ত। কিন্তু লোকচক্ষুৰ আঁৰত নহয়, ফেচবুক লাইভত বিষ পান কৰি আত্মহত্যা কৰিলে উত্তৰ প্রদেশৰ এজন ক্ষুদ্র ব্যৱসায়ীয়ে। বিষ খালে তেওঁৰ পত্নীয়েও। পত্নীৰ মৃত্যু হয় যদিও ব্যৱসায়ীজন সংকটজনক অৱস্থাত চিকিৎসাধীন।
দুই মিনিটৰ ভিডিওটি ইতিমধ্যেই ভাইৰেল। ইয়াৰ তীব্র প্রতিক্রিয়া জনাইছে প্রিয়ঙ্কা গান্ধীয়েও। ব্যক্তিজনৰ নাম ৰাজীৱ টোমৰ। বয়স ৪০। উত্তৰ প্রদেশৰ বাঘপতত জোতাৰ দোকান আছে তেওঁৰ। কিন্তু বিগত কেইবা দিনো ধৰি ব্যৱসায় মন্দা। বহু পৰিমাণৰ ঋণৰ বোজা তেওঁৰ মূৰৰ ওপৰত। তাৰ ফলতেই এই চৰম সিদ্ধান্ত লয়।
ভিডিওটোত দেখা মতে, ৰাজীৱে এটি পেকেট কাটি তাৰ ভিতৰৰ পৰা কিবা লৈ মুখত দিছে। তেওঁৰ পত্নীয়ে আহি বাধা দিয়াৰ চেষ্টা কৰে। আনকি তেওঁক মুখৰ পৰা সেয়া উলিয়াই পেলাবলৈও কয়। কিন্তু লাভ নহয়। ইয়াৰ পিছত অৱশ্যে ৰাজীৱৰ পত্নীক আৰু দেখা পোৱা নাযায়।
ফেচবুক লাইভত ইয়াৰ পিছত ৰাজীৱে কয়, ‘মোৰ ভাব হয়, মোৰ কথা কোৱাৰ স্বাধীনতা আছে। মই ঋণ পৰিশোধ কৰিম। মই মৰিলেও পৰিশোধ কৰিব। মই অনুৰোধ কৰিছো, দয়া কৰি এই ভিডিওটি যিমান পাৰে শ্বেয়াৰ কৰক। মই দেশ–বিৰোধী নহয়। মোৰ দেশৰ ওপৰত আস্থা আছে। কিন্তু মই মোদিজীক ক’ব বিচাৰো, আপুনি ক্ষুদ্র ব্যৱসায়ী আৰু কৃষকসকলৰ শুভাকাঙ্ক্ষী নহয়। আপোনাৰ নীতি সলনি কৰক।’ তেওঁ লগতে কয় যে জিএছটি নীতিৰ কাৰণেই তেওঁৰ এই অৱস্থা।
উক্ত লাইভ চাই আৰক্ষীক জনায় নেটিজেনসকলে। আৰক্ষীয়ে তেওঁলোকৰ ঘৰলৈ গৈ দুয়োকে হস্পিটেললৈ লৈ যায়। কিন্তু হস্পিটেলত মৃত্যু হয় তেওঁৰ স্ত্রী পুনম টোমৰৰ। মৃত্যুৰ সৈতে যুঁজিছে ৰাজীৱে। উক্ত ঘটনাত শোক প্রকাশ কৰিছে কংগ্রেছ নেত্রী প্রিয়ঙ্কা গান্ধীয়ে।











