![]()
নিউজ ডেস্কঃ
‘কাঁচা বাদাম’ গান ইতিমধ্যে বংগ তথা দেশত জনপ্রিয় হৈছে। ভাৰতৰ সীমা অতিক্ৰমি বিশ্বৰ বুকুলৈ শিল্পী ভুবন বাদ্যকৰ। তেওঁ গোৱা গানটোৰ ‘ৰিল ভিডিও’ এতিয়া ছচিয়েল মিডিয়া খপলিলেই চকুত পৰে। সাধাৰণ মানুহৰ পৰা বিভিন্ন কনটেন্ট ক্রিয়েটৰে এই গানত ভিডিও বনাইছে। কেইদিনমান পূৰ্বে ভাইৰেল হৈছিল তাঞ্জানিয়াৰ কিলি পলৰ কাঁচা বাদাম গানৰ ভিডিও। এইবাৰ ইউৰোপৰ ৰাজপথত দেখা গ’ল ভুবন বাদ্যকৰৰ এই গান। ফ্রান্সৰ ইউটিউবাৰ জিকা। এইবাৰ তেৱেঁই কাঁচা বাদাম গানত তাল মিলালে। তেওঁৰ দুই বন্ধুক লৈ নিজস্ব ষ্টাইলত নাচিলে জিকাই। দেশখনৰ জনপ্রিয় ইউটিউবাৰজনৰ ভিডিও এতিয়া ভাৰততো ভাইৰেল।
এই পর্যন্ত প্রায় ৪ লাখ দর্শকে তেওঁৰ এই ভিডিও চাইছে। প্রায় ৪৮ হাজাৰ নেটিজেনে লাইক কৰিছে। যথেষ্ট সংখ্যক ভাৰতীয়ই কমেন্ট কৰিছে।











