![]()
নিউজ ডেস্কঃ
হঠাৎ নিজৰ জনধন বেঙ্ক একাউণ্টত সোমাল ১৫ লাখ টকা৷ তাকে দেখি কৃষক জ্ঞানেশ্বৰ ওটে ভাবিছিল, প্রতিশ্রুতি ৰাখিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগে লগে উক্ত টকাৰে এটি ঘৰ নিৰ্মাণ কৰে জ্ঞানেশ্বৰে। কিন্তু ৬ মাহ পিছত বংকে জনায়, ভুলতেহে তেওঁৰ একাউণ্টত সোমাইছিল অন্য কাৰোবাৰ টকা। এতিয়া টকা ঘূৰাই দিয়াৰ চিন্তাত চকুৰ টোপনি নোহোৱা হৈছে মহাৰাষ্ট্রৰ ঔৰঙ্গাবাদৰ কৃষকজনৰ।
যোৱা বছৰ আগষ্ট মাহত নিজৰ জনধন একাউণ্টত হঠাৎ ১৫ লাখ টকা জমা হোৱা দেখি চকু কপালত উঠে জ্ঞানেশ্বৰৰ। ভাবিছিল, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রত্যেককে ১৫ লাখকৈ দিয়াৰ প্রতিশ্রুতি অৱশেষত পূৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আনন্দতে মোদীক ধন্যবাদ জনাই পত্ৰও পঠায়। তাৰ পিছত তেওঁৰ একাউন্টত জমা হোৱা টকাৰ পৰা ৯ লাখ টকা উলিয়াই নিজৰ ঘৰ নিৰ্মাণ কৰে জ্ঞানেশ্বৰে। কিন্তু ছমাহ পিছত এদিন তেওঁৰ হাতত পৰে বেঙ্কৰ এখন চিঠি। তাত লিখা আছিল, ‘৬ মাহ পূৰ্বে ভুলতে আপোনাৰ বেঙ্কৰ একাউণ্টত বিপুল পৰিমাণৰ ধন জমা হৈছিল। উক্ত টকা সোনকালে ঘূৰোৱাৰ ব্যৱস্থা কৰক।’
পত্ৰ লাভ কৰি ফাঁট মেলা বসুমতী পাতালে লুকাওঁৰ দৰে অৱস্থা জ্ঞানেশ্বৰৰ! তেওঁ কয়, ‘‘মোদীজিয়ে পঠোৱা বুলি ভাবিয়েই মই সন্দেহ কৰা নাছিলো। ইমান দিনে উক্ত টকাৰে ঘৰ নিৰ্মাণ কৰিলো। এতিয়া শুনিছো উন্নয়নৰ বাবে উক্ত টকা পঞ্চায়তলৈহে পঠোৱা হৈছিল। ভুলতে সেয়া মোৰ একাউণ্টত সোমায়। এতিয়া মই কি কৰিম!’’
ইফালে নতুন ঘৰত বহি জ্ঞানেশ্বৰৰ আক্ষেপ, ‘‘৯ লক্ষ খৰচ হৈ গৈছে। বাকী ৬ লাখ ঘূৰাই দিছো। এতিয়া ৯ লাখ টকা মই ক’ৰ পৰা পাওঁ!’’











