![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিনাই জামিন পালে লখিমপুৰৰ খেৰিত কৃষকক গাড়ীৰ চকাৰে পিষ্ট কৰি হত্যাৰ ঘটনাত ধৃত আশিস মিশ্রই। বৃহস্পতিবাৰে এলাহাবাদ হাইকোর্টৰ লক্ষ্ণৌ বিচাৰপীঠে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্র টেনিৰ পুত্ৰ আশিসৰ জামিন আবেদন মঞ্জুৰ কৰে।
উল্লেখ্য, যোৱা বছৰৰ ৩ অক্টোবৰত লখিমপুৰৰ খেৰিত আশিসৰ গাড়ীৰ চকাত পিষ্ট হৈ কৃষি আইন বিৰোধী বিক্ষোভকাৰী চাৰি কৃষক আৰু এজন সাংবাদিকৰ মৃত্যুৰ অভিযোগ উঠিছিল। পৰৱর্তী হিংসাত আৰু চাৰিজনৰ প্রাণ যায়। কিন্তু অজয়ৰ দাবী আছিল, ঘটনাৰ সময়ত উক্ত গাড়ীত নাছিল আশিস। বিগত ৯ অক্টোবৰত আশিসক গ্রেপ্তাৰ কৰিছিল উত্তৰ প্রদেশ আৰক্ষীয়ে। তাৰ কেইদিনমান পিছতেই উদ্ধাৰ কৰা হয় তেওঁৰ বন্দুক। লখিমপুৰ-কাণ্ডৰ তদন্তত গাফিলতিৰ বাবে বিগত ২০ অক্টোবৰত উত্তৰ প্রদেশ আৰক্ষীক তুলাধুনা কৰিছিল ছুপ্রিম কোৰ্টে।











