![]()
নিউজ ডেস্কঃ
ৰেষ্টিলিঙৰ ৰিঙৰ পৰা এইবাৰ ৰাজনীতিৰ পথাৰলৈ ৷ বিজেপিত যোগদান ডব্লিউডব্লিউইৰ তাৰকা দালিপ সিং ৰাণা ওৰফে ‘দ্য গ্ৰেট খালি’ৰ ১৪ ফেব্রুৱাৰীত পঞ্জাব বিধানসভাৰ নির্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত খোজ পেলালে খলিয়ে।
ইতিমধ্যে কেইবাদিনো ধৰি চৰ্চা চলি আছিল খালিৰ ৰাজনীতিত পদার্পণৰ বিষয়টোক সন্দৰ্ভত৷বিজেপিত যোগদানৰ পিছত খালিয়ে কয়, ‘বিজেপিত যোগদান কৰিবলৈ পাই মই আনন্দিত। আমাৰ প্রধানমন্ত্রীয়ে দেশৰ হৈ যি কৰিছে তাৰ পৰাই মোৰ ভাব হয় মোদী হৈছে আদর্শ প্রধানমন্ত্রী। সেয়ে মোৰ ইচ্ছা হৈছে দেশৰ উন্নয়নৰ স্বার্থত এই চৰকাৰৰ অঙ্গ হোৱা উচিত।’
উল্লেখ্য, ২০০০ চনত পেছাদাৰী ৰেষ্টলাৰ হিচাবে আত্মপ্ৰকাশ ঘটিছিল খালিৰ। তাৰ পূৰ্বে আছিল পঞ্জাব আৰক্ষীত।











