![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ৮ ফেব্ৰুৱাৰীত কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাৰবি আংলং আৰক্ষীয়ে প্ৰায় ১৪ লাখ টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ ডিফুত উদ্ধাৰ হৈছে নিষিদ্ধ ড্ৰাগছ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লিৰ ভাগত এক বিশেষ খবৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷
ডিফু থানাৰ অ’চি জেএছ খবুঙৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনটি মজুমদাৰ, যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ধন বৰা আৰু উপপৰিদৰ্শক প্ৰণৱ জ্যোতি দাস লগতে সংগী ষ্টাফসহ আৰক্ষীৰ এটা দলে ডিফুৰ সমীপৰ মাটিপুং ফৰেষ্ট গেটৰ ওচৰৰ হাহিতলীয়া এক আছুতীয়া ঘৰত এটা চেপেটা চাধাৰ টেমাত প্ৰায় ২ গ্ৰাম ওজনৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ নিষিদ্ধ ব্ৰাউন ছুগাৰখিনিৰ সৈতে আৰক্ষীয়ে ডিফুৰ ধৰমনালা নিৱাসী সুধীৰ সুত্ৰধৰৰ পুত্ৰ সুজিত সুত্ৰধৰ (৪৫)বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে সুজিত সুত্ৰধৰৰ ঘৰতে ড্ৰাগছ বিচাৰি তালাচী চলায় ৷
এই সন্দৰ্ভত ডিফু থানাত ১৯৬/২০২২ নং পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে আটকাধীন লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












