![]()
নিউজ ডেস্কঃ
ওমিক্রনৰ বৰ্ধিত সংক্রমণৰ ফলত যোৱা ডিচেম্বৰৰ পৰাই কৰোনা বিধি কঠোৰ কৰিছিল কেন্দ্রই। বিশেষকৈ বিদেশৰ পৰা অহা যাত্রীসকলৰ ক্ষেত্রত। এইবাৰ বিদেশ–ফেৰৎ যাত্ৰীসকলৰ বাবে বিধি শিথিল কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে। ১৪ ফেব্রুৱাৰীৰ পৰা জাৰি হ’ব এই নতুন বিধি।
কি কি আছে মন্ত্ৰালয়ৰ নতুন কৰোনা বিধিত?
• বিদেশৰ পৰা ঘূৰি অহাৰ পিছত সাত দিন কোৱাৰেন্টাইনত থাকিব নালাগে। দেশলৈ উভতাৰ পিছত ১৪ দিন নিজৰ ওপৰত নজৰ ৰাখিব লাগিব ৷
• বিদেশৰ পৰা দেশলৈ অহাৰ পিছত স্ব-ঘোষণা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব অনলাইনত। এয়াৰ সুবিধা ৱেব পৰ্টেলত উক্ত প্ৰ-পত্ৰ আছে। তাত বিগত ১৪ দিন ব্যক্তিজন ক’লৈ গৈছে, সেয়া দাখিল কৰিব লাগিব ৷
• দেশত উপস্থিত হোৱাৰ সময়ত নেগেটিভ আৰটিপিচিআৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব। অৱতৰণৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত উক্ত পৰীক্ষা কৰোৱা হ’ব লাগিব ৷
• নহ’লে টীকাৰ দুটা পালি লোৱাৰ প্ৰমাণ-পত্রও দাখিল কৰিব লাগিব ৷
• যি ৭২খন দেশৰ টীকাকৰণক ভাৰতে স্বীকৃতি দিছে, কেৱল সেই দেশৰ পৰা অহা যাত্রীসকলেহে টীকাৰ প্ৰমাণ-পত্ৰ দেখুৱাই ভাৰতত প্ৰৱেশ কৰিব পাৰিব ৷
• ওমিক্রনৰ বৃদ্ধিৰ সময়ত ‘বিপজ্জনক দেশ’ৰ এখন তালিকা পিৰস্তুত কৰিছিল কেন্দ্রই। উক্ত তালিকা অপসাৰাণ কৰা হৈছে ৷
• উপসর্গ নোহোৱা যাত্রীসকলক ভাৰতত আগতে বিমান ধৰিব দিয়া হ’ব। বিমানত যাত্ৰীসকতলে কোভিড বিধি মানিব লাগিব ৷











