![]()
নিউজ ডেস্কঃ
অপৰিৱর্তিত আছে ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট৷ বৃহস্পতিবাৰে এই কথা জনালে আৰবিআইৰ গৱর্নৰ শক্তিকান্ত দাসে। উল্লেখ্য, ইয়াকে লৈ একেৰাহে ১০বাৰৰ বাবে অপৰিৱৰ্তিত থাকিল ৰেপো ৰেট৷ ৰেপো ৰেট ৪ শতাংশ থকাৰ লগতে ৰিভাৰ্ছ ৰেপো ৰেটো পূৰ্বৰ ৩.৫ শতাংশই থকাৰ কথা ঘোষণা আৰবিআই গৱর্নৰৰ।
ৰেপো ৰেট হৈছে দেশৰ বেঙ্কবোৰক ৰিজার্ভ বেংকে দিয়া ঋণৰ হাৰ৷ আনহাতে, অন্য বাণিজ্যিক বেঙ্কৰ পৰা ৰিজাৰ্ভ বেংকে লোৱা ঋণৰ হাৰ হৈছে ৰিভাৰ্ছ ৰেপো ৰেট। ৰেপো ৰেট কম থাকিলে বিভিন্ন বেংকৰ ঋণত সুতৰ হাৰো কম থাকে।











