![]()
নিউজ ডেস্কঃ
মণিপুৰত ভোটগ্রহণৰ দিন সলনি। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নির্বাচন আয়োগে ঘোষণা কৰে যে ৰাজ্যখনত প্রথম পৰ্যায়ৰ ভোটগ্রহণ হ’ব অহা ২৮ ফেব্রুৱাৰীত। দ্বিতীয় পর্যায় ৫ মার্চত।
ইয়াৰ পূৰ্বে মণিপুৰত প্রথম পৰ্যায়ৰ নিৰ্বাচন ২৭ ফেব্রুৱাৰী আৰু দ্বিতীয় পৰ্যায়ৰ ৫ মার্চ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে মণিপুৰৰ ২৭ ফেব্রুৱাৰীৰ প্রথম পৰ্যায়ৰ নিৰ্বাচন পৰিছিল দেওবাৰে। উক্ত দিনা গির্জাত প্রার্থনাৰ বাবে যায় খ্ৰীষ্টান সম্প্রদায়ৰ লোকসকল। সেয়ে দিন সংশোধনৰ দাবী উঠিছিল বিভিন্ন মহলৰ পৰা।













