![]()
ছাইদুল ইছলাম
ডিফু : আজি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ মহিলা উন্নয়ন কোষৰ উদ্যোগত তথা গোলাঘাট জিলাৰ আগ্ৰণী শিক্ষানুষ্ঠান প্ৰয়াস বিদ্যামন্দিৰৰ সহযোগত “আন্তৰ্জাতিক বিজ্ঞানৰ ক্ষেত্রত মহিলা আৰু কন্যাৰ অৱদান দিৱস” উপলক্ষে এখনি আমন্ত্ৰণমূলক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত সমল ব্যক্তিৰূপে উপস্থিত থকা বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী ৰূপাঞ্জীতা বৰাই “বিজ্ঞান, অন্ধবিশ্বাস আৰু নাৰী” শীৰ্ষক বিষয়ত আলোকপাত কৰি কয় যে বিজ্ঞান মনস্কতা কেৱল পুথিগত বিদ্যাৰ পৰাই আহৰণ কৰিব পৰা নাযায়, বৰঞ্চ এই মানসিকতাৰ সৃষ্টি হয় স্থিতাৱস্থা আৰু পৰম্পৰাগত চিন্তাৰ পৰা আঁতৰি আহি সমাজৰ লগত জড়িত হৈ আৱেগ বিৱৰ্জিত চিন্তাৰে আৰু যুক্তিৰে প্রশ্ন কৰাৰ কলাৰ পৰাহে।
তেখেতে মহিলাৰ স্বাস্থ্য, দৈনন্দিন জীৱনযাত্ৰা তথা পেছাদাৰী জীৱনৰ সকলো দিশ সামৰি এইক্ষেত্ৰসমূহত কি দৰে মহিলাসকলে বৈজ্ঞানিক চিন্তা আৰু যুক্তিৰে মানৱ মুক্তিৰ বাট প্ৰশস্ত কৰিব পাৰে সেই সম্পৰ্কে এক মনোগ্ৰাহী বক্তব্য আগবঢ়াই। অনুষ্ঠানটিত প্ৰয়াস বিদ্যামন্দিৰৰ অধ্যক্ষ সুশীল কুমাৰ দুৱৰা তথা চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ ফুলমণি দাসেও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।
উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং এই দুয়োখন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ তথা ভাবোদ্দীপক প্ৰশ্ন উত্থাপন কৰি নিজৰ অনুসন্ধিৎসু মনৰ পৰিচয় দাঙি ধৰে।












