![]()
নিউজ ডেস্কঃ
উদুপিৰ গৱর্নমেন্ট গার্লছ পিইউ কলেজত হিজাব পিন্ধাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা ছয় মুছলিম ছাত্রীৰ ব্যক্তিগত তথ্য এইবাৰ নেট মাধ্যমত ফাদিল কৰাৰ অভিযোগ উঠিল। ছাত্রীকেইগৰাকীৰ অভিভাৱকে ইতিমধ্যে এই সন্দৰ্ভত কৰ্ণাটক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।
উদুপিৰ আৰক্ষী অধীক্ষক এন বিষ্ণুবর্ধনক অভিযোগ দাখিল কৰাৰ পিছত শুক্রবাৰে এজন অভিভাৱকে কয়, ‘‘আমাৰ ছোৱালী আৰু তেওঁৰ বান্ধৱীসকলৰ নাম, ফেচবুক একাউন্ট, মোবাইল নম্বৰসহ বিভিন্ন তথ্য নেট মাধ্যমত শ্বেয়াৰ কৰা হৈছে। আশঙ্কা হৈছে, ভবিষ্যতে তেওঁলোকক ভাবুকি দিবলৈ সেইবোৰ ব্যৱহাৰ কৰা হ’ব।’’ এই বিষয়ত বিষ্ণুবর্ধনে কয়, ‘‘লিখিত অভিযোগ পাইছো। ছাত্রীসকলৰ পৰা এই সংক্রান্তত অনলাইন-তথ্য বিচৰা হৈছে। সেয়া পালেই প্রয়োজনীয় ব্যৱস্থা লোৱা হ’ব।’’











