![]()
নিউজ ডেস্কঃ
ইণ্ডিয়ান অইল কোম্পানী চমুকৈ আইঅ’চিৰ প্রথম মহিলা সঞ্চালক হিচাবে নিযুক্ত হৈছে শুক্লা মিস্ত্রি। কোম্পানীটোৰ পৰিচালনা সমিতিৰ সঞ্চালক (ৰিফাইনেৰিজ) হিচাবে যোগদান শুক্লাৰ। উল্লেখ্য, কোনো ৰাষ্ট্ৰীয়কৃত তেল কোম্পানীত অধিষ্ঠিত হোৱা শুক্লা হৈছে দেশৰ প্রথমগৰাকী মহিলা। কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ বেঙ্গল ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেটালার্জিকেল ইঞ্জিনিয়াৰ শুক্লা।
৩৫ বছৰীয়া কর্মজীৱনত ইয়াৰ পূৰ্বে বিহাৰৰ বেগুচৰাইত আইঅ’চিৰ বাৰাউনি শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আছিল শুক্লা মিস্ত্রি। ডিগবৈ শোধনাগাৰতো তেওঁ প্রথম মহিলা শীৰ্ষ বিষয়া হিচাবে দায়িত্বত আছিল। তাৰ উপৰি একমাত্র ভাৰতীয় মহিলা হিচাবে কাটাৰ পেট্রোলিয়াম আৰু এমিৰেটছ নেচনেল অইল কোম্পানীতো ডেপুটেচনত কাম কৰিছে শুক্লাই।











