![]()
ছাইদুল ইছলাম
ডিফু : প্ৰকৃতিৰ প্ৰতি থকা সীমাহীন ভালপোৱা আৰু চেনেহৰ বাবে মনত দুৰ্বাৰ হেঁপাহ আৰু অদম্য সাহস লৈ প্ৰকৃতি সুৰক্ষা, ৰক্তদান, গঁড়হত্যা ৰোধৰ স্বাৰ্থত সজাগতা সৃষ্টিৰ বাবে সুদূৰ দৰঙ জিলাৰ পদব্ৰজে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে দৰং জিলাৰ প্ৰকৃতি প্ৰেমী যুৱক গৌৰী শঙ্কৰ কলিতা ৷
ইতিমধ্যে ১৫ খন জিলা পদব্ৰজে অতিক্ৰম কৰি শুকুৰবাৰে উপস্থিত হৈছে ডিফুত ৷ হাতত এখন বৃহৎ আকাৰৰ জাতীয় পতাকা মূৰত এশিঙীয়া গঁড়ৰ শিঙৰ প্ৰতীক থকা টুপী আৰু ডিফুত সজাগতামূলক গামোচা আকাৰৰ বস্ত্ৰৰে কাৰবি আংলঙৰ সেউজীয়া পাহাৰৰ ওখ-চাপৰ বাঁট থোজ কাঢ়ি যাত্ৰা অব্যাহত ৰাখিছে ৷ আজি ডিফু আৰক্ষীৰ নিৰাপত্তা বেষ্টনিত উপস্থিত হৈছেহি ডিফুত ৷ যাত্ৰাপথত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পদযাত্ৰী গৌৰী শঙ্কৰ কলিতা মন্তব্য প্ৰকাশ কৰি কয় যে, ২০২১ চনৰ ২৪ ডিচেম্বৰত দৰঙ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা প্ৰকৃতি সুৰক্ষা, ৰক্তদান আৰু গঁড়ৰ হত্যা ৰোধ কৰাৰ স্বাৰ্থত আৰু এই বিষয়ত সমগ্ৰ অসমৰ ৩৫ খন জিলা পদব্ৰজে ভ্ৰমণ কৰি ৰাইজক সচেতন কৰি তুলিবলৈ তেওঁ আৰম্ভ কৰে এই পদযাত্ৰা ৷
ইতিমধ্যে ১৫ খন জিলা ভ্ৰমণ কৰি আজি ডিফুত উপস্থিত হৈছে ৷ আগন্তুক দুমাহত তেওঁৰ পদযাত্ৰাৰ সফল সমাপ্ত ঘটাব পাৰিব বুলি তেওঁ আশাবাদী ৷ তেওঁৰ ঘৰ দৰং জিলাৰ চিপাঝাৰ থানা এলেকাৰ ১নং ভেৰুা দলত ৷ শৈশৱ কালৰ পৰাই তেওঁৰ প্ৰকৃতিৰ লগত নিবড় সম্পৰ্ক গঢ়ি উঠিছিল বুলি জানিব দিয়ে ৷ তেওঁ অসমৰ, যুৱ প্ৰজন্ম তথা সচেতন ৰাইজক আহ্বান জনায়যে, বিভিন্ন দিৱস পালন কৰাৰ সমান্তৰালকৈ এজোপা গছ পুলি ৰুই প্ৰকৃতিৰ প্ৰতিও দয়াবান হওঁক ৷ গছপুলিৰে প্ৰকৃতিলৈ অক্সিজেনৰ যোগান ধৰাৰ লগতে পৃথিৱীখনক দীৰ্ঘায়ু কৰি তোলক ৷ গৌৰীশঙ্কৰে আজিলৈকে যাত্ৰাপথত কোনো বাধা-বিঘিনিৰ সন্মুখীন হোৱা নাই বুলি কয় ৷
ইয়াৰোপৰি যাত্ৰাপথত আৰক্ষী আৰু বনকৰ্মীসকলৰ সহযোগিতাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে ৷












