ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙটো আজি জিলা যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
দেশত অব্যাহত থকা আৰ্থিক মন্দাৱস্থা, নিবনুৱা সমস্যাৰ লগতে অত্যাধিক মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি অহা বুলি বিজেপি চৰকাৰক জগৰীয়া কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে।
দেশৰ আৰ্থিক দুৰবস্থা আৰু অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমণ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তিও দাহ কৰে যুৱ কংগ্ৰেছে।
“মূল্যবৃদ্ধি ৰোধ কৰক”, “নিবনুৱা সমস্যা দূৰ কৰক” আদি শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে খেৰণিস্থিত মণ্ডল কংগ্ৰেছ কমিটি কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰ্থিক দুৰবস্থা, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য ব্যক্ত কৰে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিয়ে।












