![]()
ছাইদুল ইছলাম
ডিফু : আজি ডিফুৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা ধনশিৰিত থকা অনাথ আশ্ৰম মিছন কন’চাৰনত ৩৬খন মেট্ৰেছ প্ৰদান কৰে ৷ ডিফু ষ্টেট বেংকৰ ছীফ মেনেজাৰ নিৰজ কুমাৰ, বেংকটোৰ বিষয়া তথা দুই সমাজকৰ্মী গৌতম ৰয় আৰু ঘনশ্যাম টেৰণে অনাথ শিশুসকলৰ মাজত সামগ্ৰীখিনি বিতৰণ কৰে ৷

উল্লেখ যে ডিছেম্বৰ মাহত বেংকতোৱে শিশুসকলক কম্বল আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি মহানুভৱতা আৰু সামাজিক দায়বদ্ধতা পৰিচয় দাঙি ধৰিছিল ৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিফু মূল শাখাৰ এই জনহিতৈষী কাৰ্যক বৌদ্ধিক মহলে প্ৰশংসা কৰিছে৷













