![]()
নিউজ ডেস্কঃ
দুমাহ পূৰ্বে নিখোঁজ হোৱাৰ পিছত মাতৃয়ে থানাত অভিযোগ জনাইছিল সমাজবাদী পার্টিৰ প্রাক্তন মন্ত্রী ফতেহ বাহাদুৰ সিং আৰু তেওঁৰ পুত্ৰ ৰাজোলৰ বিৰুদ্ধে। উন্নাওত নিখোঁজ হোৱা উক্ত ২২ বছৰীয়া দলিত যুৱতীগৰাকীৰ পুতি থোৱা মৃতদেহ ফতেহ বাহাদুৰৰ আশ্রমৰ কাষৰ পৰা উদ্ধাৰ কৰে উত্তৰ প্রদেশ আৰক্ষীয়ে।
তদন্তৰ দায়িত্বত থকা উত্তৰ প্রদেশ আৰক্ষীৰ এছওজি টিমে জনোৱা মতে, প্রাথমিকভাবে এইটো অপহৰণ আৰু হত্যাৰ ঘটনা বুলি অনুমান কৰা হৈছে। মূল সন্দেহজনক ৰাজোলক গ্রেপ্তাৰ কৰি জেৰা কৰা হৈছে। উন্নাওৰ আৰক্ষী অধীক্ষক শশীশেখৰ সিঙে কয়, ‘‘মোবাইল টাৱাৰৰ লোকেচন চিহ্নিত কৰি আমি আশ্রমৰ কাষৰ এক খালী ভূমিৰ পৰা নিখোঁজ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰো।’’
আৰক্ষী সূত্র মতে, বিগত ৮ ডিচেম্বৰত যুৱতীহৰাকী নিখোঁজ হোৱাৰ পিছত তেওঁৰ মাতৃয়ে থানাত ফতেহ বাহাদুৰ আৰু ৰাজোলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ২৪ জানুৱাৰীত এছপি প্রধান অখিলেশ যাদৱৰ গাড়ীৰ সন্মুখত গাত জুই লগাই আত্মহত্যাৰ চেষ্টা কৰিছিল উক্ত দলিত যুৱতীগৰাকীৰ মাতৃয়ে।











