![]()
নিউজ ডেস্কঃ
কর্মসংস্থাপন দিছে মুকেশ আম্বানি–গৌতম আদানিয়ে। সেয়ে তেওঁলোকক পূজা কৰা উচিত। বৃহস্পতিবাৰে ৰাজ্যসভাত এই দাবী গেৰুৱা শিবিৰৰ সাংসদ কে জে আলফোন্সৰ। চলিত বাজেট অধিবেশনত নিবনুৱা সমস্যা আৰু কর্মসংস্থাপন আলোচনাৰ অন্যতম বিষয় হৈ পৰিছে।
উক্ত আলোচনাৰ পৰিপ্রেক্ষিততেই এই মন্তব্য কৰে গোৱাৰ বিজেপি সাংসদজনে। দেশত কর্মসংস্থানৰ সুযোগ আশানুৰূপ নোহোৱাত প্রশাসনিক ব্যর্থতাক কাঠগড়াত তুলিছে বিৰোধী দলবোৰে। ওলোটাই গোৱাৰ বিজেপি সাংসদজনে কয়, ‘পুঁজিবাদীসকলৰ মুখপাত্র হিচাবে আপোনালোকে আমাৰ সমালোচনা কৰিবই পাৰে। কিন্তু কিছু মানুহ, যিসকলে দেশত কর্মসংস্থাপনৰ সৃষ্টি কৰিছে। রিলায়েন্সৰ আম্বানি, বা আদানি, এওঁলোকক পূজা কৰা উচিত। কাৰণ, এওঁলোকে বিনিয়োগ কৰে, সৃষ্টি হয় কর্মসংস্থাপন। এওঁলোক সন্মানৰ প্রাপ্য।’











