ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট আবকাৰী বিভাগৰ উপ-আবকাৰী অধীক্ষক মৰ্মেশ্বৰ দাসৰ নেতৃত্বত যোৱা এটা আবকাৰী দলে সোমবাৰে গোলাঘাট মেৰাপানী পথৰ তেতেলীতল অঞ্চলত অভিযান চলাই ৯০ টিন লালি গুৰ জব্দ কৰিবলৈ সক্ষম হয়।
আবকাৰীৰ এক সূত্রই জানিবলৈ দিয়া মতে হোজাইৰ জিলাৰ লংকাৰ পৰা গোলাঘাটৰ মেৰাপানীলৈ এএছ ০২ বিচি ৪২৫১ নম্বৰৰ ডি আই গাড়ীখনেৰে লালিগুৰখিনি আনি থকা অৱস্থাত আবকাৰী দলটোৱে উক্ত লালিগুৰসমূহ জব্দ কৰে।













