![]()
ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ দুদু ক’লনি আৰু বালিজান খান বস্তিত চলোৱা উচ্ছেদকলৈ কাৰবি আংলঙৰ দল-সংগঠনৰ মাজত তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বিশেষকৈ অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএএছ বিষয়া জে আই কাথাৰে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যকলৈ শাসকীয় বিজেৰি দল আৰু কেএছএই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
আজি ডিফু প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিজেপি এছটি মৰ্চাৰ ৰাজ্যিত সম্পাদক লংচিং টকবীয়ে কয় যে, কাৰবি আংলং-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনি আৰু বালিজান খান বস্তিৰ অবৈধ বেদখৱৃলকাৰীৰ বিৰুদ্ধে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে চলোৱা উচ্ছেদ অভিযানক বিজেপিৰ এছটি মৰ্চাই পূৰ্ণ সমৰ্থ জনাইছে ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে উক্ত উচ্ছেদক অসাংবিধানিক আখ্যা দিয়া বিজেপিৰ এছটি মৰ্চাই নিন্দা কৰে বুলি কয় ৷ জাতি-মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰবি আংলঙৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কাৰ্যক সমৰ্থন কৰাৰ বিপৰীতে ওলোটাই বেদখলকাৰীৰ প্ৰতি ইমান দৰদ কিয় বুলি প্ৰশ্ন কৰে ৷
ইফালে ভোটাৰ তালিকাৰ পৰা অনা কাৰবিৰ নাম কৰ্তনৰ কথা কয়, আনফালে অবৈধ বেদখলকাৰীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা বিষয় ৰহস্যৰ আৱৰ্তত ৷ প্ৰকৃততে উচ্ছেদ যিমান আগুৱাই গৈ আছে সিমানেই কাথাৰৰ তৎপৰতা বৃদ্ধি পাইছে ৷ নাহৰজানৰ একে মাৰ্কেটৰ পিছফালে তেওঁৰ ভাতৃ হাৰলংবি কাথাৰৰ ভূমিত থকা অবৈধ বেদখলকাৰীকো উচ্ছেদ কৰাৰ আশংকাত ভুগিয়েই এনে উচ্ছেদ বিৰোধী মন্তব্য কৰিছে বুলি জেআই কাথাৰক কটাক্ষ কৰিছে লংছিং টকবীয়ে ৷
আনহাতে কাৰবি আংলং জিলা বিজেপিৰ এছটি মৰ্চাৰ সভাপতি হন্দৰচিং ক্ৰামছাই সাংবাদিকসকলৰ আগত কয় যে, জেআই কাথাৰে বাৰম্বাৰ কাৰবি আংলং-নাগালেণ্ড সীমান্তঞ্চৰ উচ্ছেদক অসাংবিধানিক কোৱা কাৰ্য নিন্দনীয় বুলি কয়৷ কাৰবি আংলঙৰ ভূমিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পূৰ্ণ কৰ্তৃত্ব আছে ৷ কাৰবি আংলঙৰ ভূমিত হোৱা সকলো ধৰণৰ অবৈধ বেদখল উচ্ছেদ পৰিষদে কৰাৰ অধিকাৰ আছে ৷ দুদু কলনি আৰু বালিজান খান বস্তিৰ অবৈধ মুছলমান বেদখলকাৰীক উচ্ছেদক লৈ জেআই কাথাৰৰ ইমান দৰদ কিয়? বুলি প্ৰশ্ন কৰে উক্ত এলেকা পৰিষদৰ খাছ ভূমি গতিকে উক্ত ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কৰা উচ্ছেদ অভিযান সমৰ্থন যোগ্য ৷ উক্ত ভূমিৰ অবৈধ বেদখলকাৰীৰ হাতত থকা ভূমি পট্টা অবৈধ বাবে যংগ্ৰহ কৰা বুলি কয় সভাপতিগৰাকীয়ে ৷
আনহাতে কেএছএক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বুলি কৰা মন্তব্যও নিন্দনীয় কাৰণ কাৰবি আংলঙৰ ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কৰা উচ্ছেদক সমৰ্থন কৰা কাৰ্য কেএছএৰ বাবে এটি সংগঠনটো প্ৰশংসাৰ পাত্ৰ ৷ কেএছএ এক নিৰপেক্ষ সংগঠন ৷ জাতি মাটি ভেটিৰ সপক্ষেহে কেএছএ মাত মাতিব ৷ সেয়ে এপিএইছএলচিৰ সভাপতি জে আই কাথাৰক তেনে মন্তব্য নকৰিবলৈ সকিয়াই দিছে বিজেপিৰ জিলা এছটি মৰ্চাৰ সভাপতি হন্দৰচিং ক্ৰামছাই ৷












