![]()
নিউজ ডেস্কঃ
ছমাহ পূৰ্বে পুণেত থকা প্রেমিকৰ সৈতে পলাই গৈ বিয়া কৰাইছিল ১৯ বছৰীয়া এগৰাকী যুৱতীয়ে। উক্ত ঘটনাৰ পিছৰ পৰাই যুৱতীগৰাকীৰ মাতৃ আৰু ককায়েক খঙত জ্বলি আছিল। যুৱতীগৰাকী পলাই গৈ ঔৰাঙ্গাবাদৰ এখন গাঁৱত স্বামীৰ সৈতে আশ্রয় লৈছিল। উক্ত ঘটনাৰ ছমাহ উকলি যোৱাৰ পিছত যুৱতীগৰাকীয়ে ভাবিছিল, পৰিয়ালৰ হয়তো খং কমি গৈছে। সেয়ে পুনৰ নিজৰ গাঁও লাডগাঁৱলৈ আহিবলৈ আৰম্ভ কৰে।
জীয়ৰী ঘূৰি অহাৰ খবৰ পাইছিল যুৱতীগৰাকীৰ মাতৃয়ে। সেই খবৰ পায়েই তেওঁ জীয়ৰীক দেখা কৰিবলৈ যায়। হাঁহি-ধেমালিও কৰে। কিন্তু তাৰ আঁৰত যে চক্রান্ত আছিল সেয়া ঘুণাক্ষৰেও ধৰিব পৰা নাছিল যুৱতীগৰাকীয়ে।
ঠিক এসপ্তাহ পিছত দ্বিতীয়বাৰৰ বাবে জীয়ৰীৰ ঘৰলৈ যায় মাতৃ৷ আবেগ-প্রবণ হৈ পৰে যুৱতীগৰাকী। ইয়াৰ পিছতে এটা দুটাকৈ কথা বাঢ়িবলৈ আৰম্ভ কৰে। সমানে মূৰ গৰম হৈ থাকে ককায়েকৰো। ভনীয়েকৰ ঘটনাক লৈ যে ক্ষোভত আছিল সেয়া হঠাৎ প্ৰকাশ পায়। কাষৰ ঘৰতেই শুই আছিল যুৱতীগৰাকীৰ স্বামী। তেওঁ বহু সময় ধৰি তেওঁলোকৰ কথা শুনি আছিল। ইয়াৰ পিছতেই হঠাৎ আর্তনাদৰ শব্দ শুনা পাই ওলাই আহি দেখে পত্নীক চোকা অস্ত্রৰে ঘপিয়াইছে ককায়েকে। সহায় কৰি আছে মাতৃয়ে। ঘটনা দেখি যুৱতীগৰাকীয়ে স্বামীয়ে বাধা দিবলৈ যোৱাত তেওঁকো হত্যাৰ চেষ্টা কৰে ককায়েকে৷ কোনোমতে তেওঁ পলাই প্ৰাণ বচায়।
ইয়াৰ পিছত যুৱতীগৰাকীক হত্যা কৰি তেওঁৰ কটা মূৰটো লৈ গৈ নিজৰ ঘৰৰ বাৰান্দাত ওলোমাই থয় ককায়েকে। বিষয়টি স্থানীয় লোকসকলৰ দৃষ্টিগোচৰ হোৱাত আৰক্ষীক খবৰ দিয়ে। ততালিকে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। গ্রেপ্তাৰ কৰা হয় যুৱতীগৰাকীৰ মাতৃ আৰু ককায়েকক।











